ডিজিটেল ডেস্ক: নীলাচল পাহাৰৰ বুকুত আৰম্ভ হৈছে ঐতিহাসিক অম্বুবাচী মেলা। মা কামাখ্যা ধামত অম্বুবাচী যোগক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই মেলা অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ এক অন্যতম পবিত্ৰ উৎসৱ। এই বিশেষ সময়ছোৱাত মা কামাখ্যাৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। দেশ-বিদেশৰ হাজাৰ হাজাৰ সাধু-সন্ত আৰু ভক্তৰ আগমনেৰে শক্তিপীঠলৈ নামি আহে এক অপূৰ্ব আধ্যাত্মিক জোৱাৰ।
এইবাৰৰ অম্বুবাচীৰ সময়সূচী অনুসৰি:
অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময়:
প্ৰবৃত্তি (প্ৰাৰম্ভ): ২২ জুন, নিশা ৯ বাজি ৮ মিনিট।
নিবৃত্তি (সমাপ্তি): ২৬ জুন, পুৱা ৯ বাজি ৩২ মিনিট।
অম্বুবাচী কি আৰু ইয়াৰ গুৰুত্ব?
অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বাৰ্ষিক উৎসৱ। ধৰ্মীয় বিশ্বাস অনুসৰি, আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ অন্তিম চৰণ শেষ হৈ আদ্যা নক্ষত্ৰৰ প্ৰথম পাদত প্ৰৱেশ কৰিলে ধৰিত্ৰী মাতৃ ঋতুুমতী হয়। এই সময়ছোৱাতে হিন্দুসকলে অম্বুবাচী পালন কৰে।
বিশ্বাস কৰা হয় যে অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি পায় আৰু ধৰিত্ৰী শস্য-শ্যামলা তথা উৎপাদনক্ষম হৈ উঠে। ধৰ্মীয় নিয়ম অনুসৰি, এই সময়ছোৱাত বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণসকলে ৰন্ধা-বঢ়া কৰাৰ পৰা বিৰত থাকে। অম্বুবাচীৰ চতুৰ্থ দিনা অৰ্থাৎ নিবৃত্তিৰ পাছত ঘৰৰ বাচন-বৰ্তন আৰু কাপোৰ-কানি ধুই পবিত্ৰ শান্তিপানী ছটিয়াই শুদ্ধি কৰা হয়। ইয়াৰ পিছত মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা জনাই মঠ-মন্দিৰত প্ৰৱেশ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।
পালন কৰিবলগীয়া মূল নিয়মসমূহ :
অম্বুবাচীৰ মুঠ চাৰিটা দিনৰ ভিতৰত প্ৰথম তিনি দিনক 'চুৱা' আৰু চতুৰ্থ দিনটোক 'শুদ্ধি' বুলি কোৱা হয়। এই সময়ছোৱাত সমাজত কেইটামান বিশেষ নিয়ম পালন কৰা হয়। এই দিনকেইটাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ ৰখা হয়।
মেলাৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু ধৰ্মীয় কৃপা লাভৰ বাবে ভক্তসকলৰ বাবে কিছুমান নিয়ম বান্ধি দিয়া হৈছে।
কি কৰিব:
ঈশ্বৰ সাধনা: এই সময়ত একাগ্ৰচিত্তে ধ্যান কৰিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে।
বাহিৰৰ পৰা দৰ্শন: মন্দিৰৰ দুৱাৰ বন্ধ থকা বাবে দেৱীক মন্দিৰৰ বাহিৰৰ পৰাই ভক্তিভাৱে প্ৰণাম কৰক।
দান-দক্ষিণা: ধামলৈ অহা সাধু-সন্যাসী আৰু আৰ্তজন তথা দুখীয়া লোকক ফল-মূল বা প্ৰয়োজনীয় সামগ্ৰী দান কৰক।
সৰ্প ভয়ৰ পৰা মুক্তি: এই সময়ছোৱাত কেঁচা গাখীৰ (এৱা গাখীৰ) খালে সৰ্প ভয় আঁতৰে।
ফল-মূল খাওক: এই সময়ছোৱাত বতৰৰ ফল খালে শৰীৰৰ শক্তি বৃদ্ধি হয়।
বাধা বিঘিনিৰ নাশ: অম্বুবাচীৰ সময়ত গাখীৰ আৰু আম খালে বছৰটোলৈ জীৱনৰ সকলো বাধা-বিঘিনি দূৰ হয় বুলি বিশ্বাস কৰা হয়।
কি নকৰিব:
মাংগলিক বা শুভ কাৰ্য: কোনো ধৰণৰ মাংগলিক বা শুভ কাৰ্য সম্পন্ন নকৰিব।
আমিষ ত্যাগ: অম্বুবাচীৰ ৪ টা দিনত সম্পূৰ্ণৰূপে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে, আমিষ খাদ্য খোৱা অনুচিত।
মূৰ্তি দৰ্শন নিষিদ্ধ: এই সময়ত ভগৱানৰ মুখ দৰ্শন কৰিব নালাগে। ঘৰৰ গোসাঁইঘৰৰ প্ৰতিমা বা ফটো ৰঙা কাপোৰেৰে ঢাকি ৰাখিব লাগে।
খনন কাৰ্য বন্ধ: ধৰিত্ৰী মাতৃ ঋতুমতী হৈ থকাৰ বাবে এই সময়ত মাটি খন্দা, হাল বোৱা বা গছপুলি pৰোপণ কৰাটো নিষেধ।
সম্পত্তি ক্ৰয়-বিক্ৰয়: এই দিনকেইটাত ঘৰ-মাটি বা কোনো স্থাৱৰ সম্পত্তি ক্ৰয়-বিক্ৰয় কৰাৰ পৰা বিৰত থকাটোৱে শ্রেয়।
উৎস: প্ৰাগ নিউজ ডিজিটেল