নিউজিলেণ্ডত প্রধানমন্ত্রী মোদী

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশত কৰা ভ্ৰমণৰ কালি অন্তিম পর্যায়ত নিউজিলেণ্ডত উপস্থিত হয়। প্রধানমন্ত্রীক অকলেণ্ড বিমান বন্দৰত দেশখনৰ প্ৰধানমন্ত্ৰী খ্রীষ্টোফাৰ লক্সনে আদৰণি জনায়। 

উল্লেখযোগ্য যে যোৱা ৪০ বছৰৰ ভিতৰত নিউজিলেণ্ড ভ্ৰমণ কৰা তেওঁ প্ৰথমজন প্রধানমন্ত্রী। প্রধানমন্ত্রী হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে উৎসাহ-উদ্দীপনাৰে আদৰণি জনায়। এই উপলক্ষে ভাৰতীয় শাস্ত্রীয় সংগীত, নৃত্য পৰম্পৰাসমূহ পৰিৱেশন কৰা হয়। পাছত প্রধানমন্ত্রীয়ে নিউজিলেণ্ডত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ স্নেহ, আন্তৰিকতা আৰু ভাৰতৰ সৈতে অটুট সম্পৰ্কক অন্তৰেৰে প্ৰশংসা কৰে। প্রধানমন্ত্রীয়ে কয় যে নিউজিলেণ্ডত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ স্নেহ আৰু আন্তৰিকতাই তেওঁৰ অন্তৰ স্পৰ্শ কৰি যায়। 

উল্লেখযোগ্য যে যে নিউজিলেণ্ডত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ৪০ বছৰ অপেক্ষা কৰিলে আৰু কালি মোদী ইয়াত উপস্থিত হোৱাৰ সময়ত তেওঁলোকৰ আন্তৰিকতা, উৎসাহ-উদ্দীপনা স্পষ্টভাৱে দেখা পোৱা গ'ল। ইফালে, প্রধানমন্ত্রী লক্সনে মোদীক আদৰণি জনোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত প্রকাশ কৰি কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, নিউজিলেণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ।' 

প্রধানমন্ত্রী মোদীৰ ভ্ৰমণ উপলক্ষে অকলেণ্ডৰ প্ৰখ্যাত স্কাই টাৱাৰ বিশেষ লাইটেৰে সজোৱা হয়। ই দুয়োখন দেশৰ সম্পর্ক তথা বন্ধুত্বৰ প্ৰতীক বুলি কোৱা হৈছে। ইফালে, প্রধানমন্ত্রীয়ে নিউজিলেণ্ড ভ্রমণক ঐতিহাসিক বুলি উল্লেখ কৰি কয় যে তেওঁ প্রধানমন্ত্রী লক্সনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাই আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰা হ'ব। ইয়াৰ ভিতৰত মুক্ত বাণিজ্য চুক্তিও আছে।

Share This