চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড ক্ৰছ অব দ্য অৰ্ডাৰ অব্ মাকাৰিঅ'ছ ৩ সন্মানেৰে সন্মানিত কৰা হয়। উক্ত সন্মান গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়, 'এই সন্মান গ্রহণ কৰি ধন্য। মই এই সন্মান আমাৰ দুয়োখন দেশৰ বন্ধুত্বৰ নামত উছৰ্গা কৰিলোঁ।' চাইপাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্রীষ্ট'ডলিডিছে প্রধানমন্ত্রী মোদীক এই সম্মান প্রদান কৰে। উল্লেখযোগ্য যে চাইপাছৰ প্ৰথমজন ৰাষ্ট্ৰপতি আর্কবিশ্বপ মাকাৰিঅ'ছ-৩ নামেৰে এই সন্মানৰ নামকৰণ কৰা হৈছে। 

ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত এই সন্মান উছৰ্গা কৰি মোদীয়ে কয় যে ই হৈছে ভাৰত-চাইপ্ৰাছৰ বিশ্বাসী বন্ধুত্বৰ বাবে বঁটা। উল্লেখযোগ্য যে চাইপ্ৰাছৰ বঁটাটোৰ সৈতে প্রধানমন্ত্রী মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ২৩ হ'লগৈ। 

সোমবাৰে প্রধানমন্ত্রী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়। এই আলোচনাৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিদেশ সচিব বিক্রম মিস্ত্রী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালো উপস্থিত থাকে। এই আলোচনাৰ আগত মোদীক ৰাষ্ট্ৰপতিৰ প্রাসাদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।

Share This