সেনা প্রধানৰে প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্রণা

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্ক : পহলগামৰ আক্ৰমণৰ নিৰ্ণায়ক প্রত্যুত্তৰ দিয়াৰ বাবে ভাৰতে পূর্ণ পর্যায়ত প্রস্তুতি চলাই আছে। সেনা বাহিনীক সম্পূর্ণ কর্তৃত্ব দিয়াৰ পাছত কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৱাৰ ভাগত কমেও পাঁচখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। পুৱাৰ ভাগত বুধবাৰে নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ (চি চি এছ) উপৰি ৰাজনৈতিক পৰিক্ৰমা তথা অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ লগতে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। কালি নিশাও প্রধানমন্ত্রী এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। 

বৈঠকত বিদেশ মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনা প্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী উপস্থিত থকা বুলি জনা গৈছে। কালি পুৱা চি চি এছৰ পুনৰ অনুষ্ঠিত বৈঠকত সন্ত্রাসবাদৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্রহণৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পাকিস্তানৰ বিৰুদ্ধে অভিযানৰ নিখুঁত কৌশলৰ বিষয়ে আলোচনা কৰা বুলি সূত্ৰসমূহে প্রকাশ কৰে। ইয়াৰ লগতে ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীৰ বৈঠকতো সামৰিক অভিযানৰ নিখুঁত কৌশলৰ বিষয়ে আলোচনা কৰা বুলি প্ৰকাশ পাইছে। 

একাংশ সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ভাৰতে সৰ্বপ্ৰথমে পাকিস্তানত আশ্রয় লৈ থকা সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি ল'ব পাৰে। এই তালিকাত কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-টয়বাৰ মুৰব্বী হাফিজ ছয়ীদ আৰু সন্ত্রাসবাদী সংগঠনটোৰ মুখ্য কাৰ্যালয় প্রথম স্থানত আছে। পাকিস্তানৰ পঞ্জাব প্রদেশৰ মুৰিডকেত লস্কৰৰ মুখ্য কাৰ্যালয় থকা বুলি কোৱা হৈছে। আনহাতে, হাফিজ ছয়ীদ পাকিস্তানী সেনাৰ তত্ত্বাৱধানত লাহোৰৰ এটা গোপন স্থানত থকা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছে। ইয়াৰ উপৰি জৈছ-ই-মহম্মদৰ মুখ্য কার্যালয় আৰু ইয়াৰ মুৰব্বী তথা অন্যতম দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰকো ভাৰতীয় সেনাই লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে। আনহাতে, পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদীৰ শিবিৰসমূহ প্রধান লক্ষ্য হ'ব। ইয়াৰ লগতে পাকিস্তানী সেনাধ্যক্ষ অসীম মুনীৰৰ মুখ্য কাৰ্যালয়, ভাৰতৰ বিৰুদ্ধে ছদ্ম যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আই এছ আইৰ মুখ্য কাৰ্যালয়ো তালিকাত আছে।

Share This