প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'

dainik janambhumi August 30, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয়তা হ্রাস পাইছে। ইণ্ডিয়া টুডে'-চি ভোটাৰৰ ২০২৫-ৰ আগষ্টৰ 'মুড অব্ দ্য নেশ্যন' সমীক্ষাৰ মতে হ্রাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাৰফর্মেন্স ৰেটিং। 

ফেব্ৰুৱাৰীৰ সমীক্ষাত উত্তৰদাতাৰ (ৰেছপণ্ডেণ্ট) ৬২ শতাংশই তেওঁৰ কৰ্মদক্ষতা (পাৰফর্মেন্স) 'ভাল' বুলি কৈছিল। কিন্তু আগষ্টত এই সংখ্যা ৫৮ শতাংশলৈ হ্রাস পালে। আনহাতে, তৃতীয়টো কার্যকালত মোদীৰ কৰ্মদক্ষতা 'জাকতজিলিকা' (আউটষ্টেন্ডিং) বুলি কোৱাৰ হাৰো ফেব্ৰুৱাৰীৰ ৩৬.১ শতাংশৰ পৰা আগষ্টত ৩৪.২ শতাংশলৈ হ্রাস পাইছে। 

আগষ্টৰ সমীক্ষা মতে আনহাতে ১২.৭ শতাংশই মোদীৰ দক্ষতা সাধাৰণ (এভাৰেজ), ১২.৬ শতাংশই 'দুর্বল' আৰু ১৩.৮ শতাংশই 'অতি দুর্বল' বুলি কয়।

Share This