ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইথিওপিয়ালৈ প্রথম দ্বিপাক্ষিক ভ্রমণত দেখা গ'ল শক্তিশালী কূটনৈতিক অগ্ৰগতিৰ। ভাৰত আৰু ইথিওপিয়াৰ মাজৰ বৰ্ধিত কৌশলগত সম্পর্ক ক প্রতিফলিত কৰি আফ্ৰিকাৰ দেশখনে মোদীক দেশখনৰ সর্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে।
১৬ ডিচেম্বৰত এডিছ ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেন্টাৰত এক অনুষ্ঠানত দেশখনৰ প্রধানমন্ত্রী ড° আবী আহমেদে প্রধানমন্ত্রী মোদীক সন্মানজনক 'গ্রেট অনাৰ নিছান অব ইথিওপিয়া' প্রদান কৰে। বাতৰি মতে এই সন্মান লাভ কৰা মোদী হৈছে বিশ্বৰ প্ৰথমজন ৰাষ্ট্ৰনেতা। দশক দশক জুৰি দ্বিপাক্ষিক সম্পর্ক বজাই ৰখা দুয়ো দেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান উচৰ্গা কৰে। প্রধানমন্ত্রী মোদীয়ে বুধবাৰে ইথিওপিয়াৰ সংসদত ভাষণ দিয়ে। প্রধানমন্ত্রীয়ে সংসদক 'গণতন্ত্ৰৰ মন্দিৰ' বুলি অভিহিত কৰি ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। মোদীয়ে ইথিওপিয়াক 'সিংহৰ ঠাই' আখ্যা দি কয় যে তেওঁৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ ঠাই, সেয়ে তেওঁ আফ্রিকাৰ এইখন দেশত থাকোঁতে ঘৰত থকা যেন অনুভৱ কৰিছে।
প্রধানমন্ত্রী মোদীয়ে ইথিওপিয়াৰ সংসদ ভৱনৰ চৌহদত ভাৰতৰ 'এক পেড় মা কে নাম' অভিযানৰ অংশৰূপে গছ পুলিও ৰোপণ কৰে। বিয়লি ভাগত প্রধানমন্ত্রী মোদী তেওঁৰ ত্রিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত ওমানৰ ৰাজধানী মাস্কটত উপস্থিত হয়।
উল্লেখযোগ্য যে চাৰিদিনীয়া ত্রিদেশীয় ভ্রমণসূচীৰে ১৫ ডিচেম্বৰ প্রধানমন্ত্রী মোদী প্রথমে জর্ডানত উপস্থিত হৈছিল। আজি মোদীৰ ত্রিদেশীয় ভ্ৰমণৰ অন্ত পৰিব। গাড়ী-কূটনীতিৰ প্ৰৱণতা: চীনৰ ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মোদীক গাড়ীত উঠাই নিয়া তথা পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত মোদীয়ে গাড়ীৰে আদৰি অনা কাৰ্যই এক নতুন 'গাড়ী কূটনীতি' ট্ৰেণ্ড বা প্ৰৱণতাৰ সৃষ্টি কৰিছে।
সেই প্ৰৱণতাতে মোদীৰ ত্রিদেশীয় ভ্রমণত জর্ডানৰ যুৱৰাজ দ্বিতীয় আল হুছেইন বিন আব্দুল্লাই মোদীক মঙলবাৰে দিনৰ ভাগত আম্মানৰ জর্ডান মিউজিয়ামলৈ নিজে গাড়ী চলাই লৈ যায়। ঠিক তেনেদৰে নোবেল শান্তিবঁটা বিজয়ী ইথিওপিয়াৰ প্রধানমন্ত্রী আবী আহমেদে মঙলবাৰে বিয়লি প্রধানমন্ত্রী মোদীক আড্ডিছ আবাবা বিমান বন্দৰৰ পৰা হোটেললৈ নিজে গাড়ী চলাই নিয়ে। তদুপৰি বুধবাৰে প্ৰধানমন্ত্ৰী আহমেদে নিজে গাড়ী চলাই বিমান বন্দৰত মোদীক বিদায় দিয়ে।