৭৫ বছৰত ভৰি দিলে প্রধানমন্ত্ৰী মোদীয়ে

dainik janambhumi September 17, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৭৫ বছৰত ভৰি দিলে। প্রধানমন্ত্রীৰ জন্মদিন উপলক্ষে বিজেপিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্রধানমন্ত্রীৰ জন্ম দিনৰ দিনাৰ পৰা ১৫দিনীয়া সেৱা পষেকো উদযাপন কৰা হ'ব। ইফালে জন্মদিনৰ দিনাই অর্থাৎ আজি প্রধানমন্ত্রীয়ে উত্তৰ প্ৰদেশৰ ধাৰ জিলা ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে ধাৰক কেইবাটাও প্রকল্প উপহাৰ দিয়াৰ সম্ভাৱনা আছে। তেওঁ ধাৰৰ ভৈশলা গাঁৱত 'মেগা ইন্টিগ্রেটেড টেক্সটাইল ৰিজন এণ্ড অপাৰেল পাৰ্কৰ ভূমি পূজন কৰিব। প্রায় ১,৩০০ একৰ ভূমিত এই পার্ক নির্মাণ কৰা হ'ব আৰু ইয়াত ৯১টাতকৈ অধিক কোম্পানীয়ে বিনিয়োগৰ ইচ্ছা প্রকাশ কৰিছে।

ইয়াৰ লগতে মহিলাসকলৰ স্বাস্থ্য আৰু সবলীকৰণত গুৰুত্ব দিয়া 'স্বস্থ নাৰী শশক্ত পৰিৱাৰ' (স্বাস্থ্যৱিন নাৰী, শক্তিশালী পৰিয়াল) শীর্ষক আঁচনিৰো আজি শুভাৰম্ভ কৰিব প্রধানমন্ত্রীয়ে। ইফালে প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই এটা বিশেষ গীত মুকলি কৰে। 'মনো প্রগতি দিল্লী-বাল স্বৰ ছে ৰাষ্ট্র শ্বৰ তক' শীর্ষক গীতটো দিল্লীৰ শিক্ষা বিভাগে প্রস্তুত কৰিছে। ইয়াত স্কুলীয়া শিশুৱে ২১টা ভাষাত গীতটো গাইছে। দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই কয় যে কেইবাবছৰো প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ বাবে এক জীৱন ৰেখাৰূপে কাম কৰি আহিছে। তাৰ পাছতো দিল্লীৰ পূৰ্বৰ চৰকাৰসমূহে প্রধানমন্ত্রীক সমালোচনা কৰি আহিছে আৰু তেওঁৰ প্রতি অশোভনীয় ভাষা ব্যৱহাৰ কৰিছে। এতিয়া তেওঁৰ চৰকাৰে প্রধানমন্ত্রীৰ প্রতি আন্তৰিকতাৰে কৃতজ্ঞতা প্রকাশ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। দিল্লীৰ স্কুলীয়া ছাত্র-ছাত্রীসকলে প্রধানমন্ত্রীক জন্মদিনৰ শুভেচ্ছা জনাই কার্ড প্রস্তুত কৰাৰ লগতে কার্ডসমূহ মঙলবাৰে প্রধানমন্ত্রীলৈ প্রেৰণ কৰে।

 

ইফালে প্রধানমন্ত্রীৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চিনেমা 'চলো জীতে হে' আজিৰ পৰা ২ অক্টোবৰলৈকে সমগ্র দেশৰ ৫০০টা চিনেমা গৃহত প্রদর্শন কৰা হ'ব। ইয়াৰ লগে লগে দেশৰ লাখ লাখ স্কুলতো এই চিনেমাখন প্ৰদৰ্শন কৰা হ'ব। এই লঘু চিনেমাখন স্বামী বিবেকানন্দৰ জীৱন দর্শনক লৈ নির্মাণ কৰা হৈছে। চিনেমাখন প্ৰদৰ্শনৰ পাছত এক বিশেষ অনুষ্ঠান 'সেৱা কা সন্মান'ৰ আয়োজন কৰা হ'ব। ইয়াত প্রায়ে আওকাণ কৰি অহা চকীদাৰ, চাফাই কৰ্মচাৰী, ড্রাইভাৰ, চাপ্ৰাচীৰ দৰে সহায়কসকল যি স্কুল আৰু সমাজৰ বুনিয়াদী ব্যৱস্থাক সুচাৰুৰূপে চলাই নিছে, তেওঁলোকক সন্মানিত কৰা হ'ব। শিশুসকলৰ সৈতে এই ব্যক্তিসকলেও লঘু চিনেমাখন চাব। ইফালে ওড়িশাত প্রধানমন্ত্রীৰ জন্মদিন উপলক্ষে প্রায় ৭৫ লাখ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

Share This