আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Rashmi May 12, 2025

ডিজিটেল ডেস্ক : অপাৰেচন সেন্দূৰৰ পিছতে প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ দেখা দিয়া সংঘাতক কেন্দ্ৰ কৰি দেশবাসী উদ্বিগ্ন হৈ আছে। অৱশ্যে শনিবাৰে দুয়োদেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰক লৈ আজি পুনৰ এক সংবাদমেলৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে। নৌসেনা, স্থলসেনা আৰু বায়ুসেনাই যুটীয়া সংবাদমেলৰ আয়োজন কৰে।এই সংবাদমেলত উপস্থিত থাকে DGMO ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু এয়াৰ মাৰ্শ্বেল এ কে ভাৰতীয়ে।

Share This