৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ

dainik janambhumi August 29, 2025

ডিজিটেল ডেস্কঃ চীনৰ টিনজিয়ান প্রদেশত অনুষ্ঠিত হ'বলগীয়া ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ') শীর্ষ সন্মিলনৰ মাজতে অহা ৩১ আগষ্টত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব। 

উল্লেখযোগ্য যে প্রায় এবছৰৰ পাছত দুয়োখন দেশৰ শীর্ষ নেতাদ্বয়ে আলোচনাত মিলিত হ'ব। যোৱা বৰ্ষৰ অক্টোবৰত দুয়ো নেতাৰ মাজত হোৱা বৈঠকৰ পাছতেই প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) সমীপত থকা দুয়োখন দেশৰ সামৰিক অচলাৱস্থা দূৰ হৈছিল আৰু দুয়োখন দেশে সীমান্তৰ সমীপৰ পৰা সৈন্য প্রত্যাহাৰ কৰিছিল। 

ইয়াৰ পূৰ্বে খবৰ প্রকাশিত হৈছিল যে এছ চি অ'শীর্ষ সম্মিলনৰ বাবে চীনত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে চীনা ৰাষ্ট্ৰপতি জিনপিঙৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু মধ্য এছিয়াৰ নেতাসকলৰ সৈতে আছুতীয়াকৈ বৈঠকত মিলিত হ'ব।

Share This