MENU

ব্লগত প্ৰধানমন্ত্ৰী  মহাকুম্ভ যুগ পৰিৱৰ্তনৰ পদধ্বনি

Dainik janambhumi February 28, 2025

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্রয়াগৰাজত অনুষ্ঠিত হৈ যোৱা মহাকুম্ভমেলাৰ বিষয়ে এটা ব্লগ লিখে। প্রধানমন্ত্রীয়ে এই বৃহৎ আয়োজনক যুগ পৰিৱৰ্তনৰ পদধ্বনি আখ্যা দিয়ে। তেওঁ কয় যে এই মহাকুম্ভৰ আয়োজনে ভাৰতৰ বিকাশৰ যাত্ৰাৰ নতুন অধ্যায়ৰ বাৰ্তা দিলে আৰু এই বার্তা হৈছে 'বিকশিত ভাৰত'ৰ। মহাকুম্ভক একতাৰ মহাকুম্ভ আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয়, সকলো শ্ৰেণী আৰু সকলো ক্ষেত্ৰৰ লোক এই মহাকুম্ভত এক হ'ল।

এই মহাকুম্ভক সফল কৰিবৰ বাবে দেশবাসীয়ে কৰা পৰিশ্ৰমত অভিভূত হৈ প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ সোমনাথ দর্শন
 কৰিবৰ বাবে যাব আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰাৰ্থনা কৰিব। 'একতাৰ মহাকুম্ভ-যুগ পৰিৱৰ্তনৰ পদধ্বনি' শীর্ষক এই ব্লগত প্রধানমন্ত্রীয়ে কয়, 'মহাকুম্ভ সম্পন্ন হ'ল। একতাৰ মহাযজ্ঞ সম্পন্ন হ'ল। প্ৰয়াগৰাজৰ একতাৰ মহাকুম্ভত সম্পূৰ্ণ ৪৫ দিন যিদৰে ১৪০ কোটি দেশবাসীৰ বিশ্বাস, একে সময়তে এই এটা পার্বণত আহি একেলগ হ'ল সি অভিভূত কৰিলে।' তেওঁ আৰু কয়, 'সমাজৰ সকলো শ্ৰেণীৰ আৰু সকলো ক্ষেত্ৰৰ লোক এই মহাকুম্ভত এক হ'ল। ই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ চিৰস্মৰণীয় দৃশ্য কোটি কোটি দেশবাসীৰ আত্মবিশ্বাসৰ সাক্ষাতৰ মহাপৰ্ব হ'ল।' তেওঁ আৰু কয়, 'যেতিয়া এখন ৰাষ্ট্ৰৰ চেতনা জাগ্রত হয়, যেতিয়া কেইবাশ বছৰৰ দাসত্বৰ মানসিকতাৰ সকলো বান্ধোন ছিঙি নব্য চেতনাৰ সৈতে উশাহ ল'বলৈ ধৰে, তেতিয়া এনেকুৱা দৃশ্যই দেখিবলৈ পোৱা যায়, যিদৰে ১৩ জানুৱাৰীৰ পাছত প্রয়াগৰাজ একতাৰ মহাকুম্ভত দেখা গ'ল।' প্রধানমন্ত্রীয়ে আৰু কয় যে আমেৰিকাৰ জনসংখ্যাৰ প্রায় দুগুণ লোকে একতাৰ মহাকুম্ভত অংশগ্ৰহণ কৰিলে তথা স্নান কৰিলে।

প্রধানমন্ত্রী মোদীয়ে ধৰ্ম আৰু আধ্যাত্মিকতাৰ উপৰি মহাকুম্ভৰ আন কিছু কথাও ব্লগত উল্লেখ কৰে। তেওঁ কয়, 'প্রয়াগৰাজত হোৱা মহাকুম্ভ আধুনিক যুগৰ মেনেজমেণ্টৰ পেছাদাৰী লোকৰ বাবে, প্লেনিং আৰু পলিচীৰ এক্সপাৰ্টৰ বাবে, অধ্যয়নৰ বিষয় হৈ পৰিল। সম্প্রতি সমগ্র বিশ্বত এই ধৰণৰ বৃহৎ আয়োজনৰ আন এক তুলনা, আন এক উদাহৰণ নাই।'

Share This