প্ৰধানমন্ত্ৰীৰ সন্মুখত জনসমুদ্ৰৰ মাজত কাইলৈ 'বাগুৰুম্বা'ৰ অভিলেখ, খাম-ছেৰজা-ছিফুং-জথা-জাবম্ৰিঙেৰে ৰজনজনাব ষ্টেডিয়াম

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : বিহু, ঝুমুইৰৰ পাছত অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ এক জনপ্রিয় লোক নৃত্য বাগুৰুম্বাই গঢ়িব অভিলেখ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত প্রায় ১০ হাজাৰ বড়ো জনগোষ্ঠীয় শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাবশ্রিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগুৰুম্বা নৃত্য উপস্থাপন কৰিব। কালি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই প্রকাশ কৰে যে ৰাজ্যৰ বৈচিত্র্যপূৰ্ণ সাংস্কৃতিক বৈভৱসমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেই বছৰমানৰ পৰা কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে। 

এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফলভাবে অনুষ্ঠিত হোৱাৰ কথা মন্ত্রী বড়াই উল্লেখ কৰি কয় যে এই অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক সম্পদসমূহ বিশ্বৰ সমুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে। এই অনুষ্ঠানৰ সফল ৰূপায়ণে বাগৰুম্বা নাচত ব্যৱহৃত বাদ্য- খাম, চেৰজা, চিফৌং, জথা, জাবশ্রিং আদিৰ লগতে বড়ো চিখলাসকলে পৰিধান কৰা দখনা, ৰেগেৰেগাং জোমগ্রা, আৰনাই, গছলা, চন্দ্রহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজ পাৰ আৰু আ-অলংকাৰ আদিয়েই দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ'ব বুলি প্রকাশ কৰি মন্ত্ৰী বড়াই সংবাদমেলত প্রকাশ কৰি ই পৰ্যটনৰ বিকাশতো ইতিবাচক প্রভাৱ পেলাব বুলিও কয়। উল্লেখ্য যে বড়ো সমাজৰ দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌথুমকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত ২৫ গৰাকী বিশেষজ্ঞই যুগুতাই দিয়া পৰামৰ্শৰ ভিত্তিত গুৱাহাটীৰ শিল্পগ্রামত ৪, ৫ আৰু ৬ জানুৱাৰীত প্রায় চাৰিশ ওজা প্রশিক্ষকক প্রশিক্ষণ প্রদান কৰা হৈছিল। এই প্রশিক্ষকসকলে ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিত ৮ৰপৰা ১০ জানুৱাৰীলৈ প্ৰায় ১০হেজাৰ শিল্পীক প্রশিক্ষণ প্রদান কৰে। বিভিন্ন জিলাৰ পৰা ১১ জানুৱাৰীত গুৱাহাটীলৈ অনা হয় আৰু ১২ জানুৱাৰীৰ পৰা সৰুসজাইত আখৰা অনুষ্ঠিত হয়। 

দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন হ'ব লগা এই ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বর্ণাঢ্য সাংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্রী বড়াই সংবাদমেলত প্রকাশ কৰে। কাইলৈ চূড়ান্ত আখৰাৰ সময়ত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব বুলিও মন্ত্রী বড়াই প্রকাশ কৰে। এই বাগুৰুম্বা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত কাইলৈ চূড়ান্ত আখৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই ইতিমধ্যে প্রায় ১৪ হেজাৰ প্ৰৱেশ পত্ৰ বিতৰণ কৰা হৈছে বুলিও ব্যক্ত কৰে। ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্রীনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ প্রকাশ কৰে।

Share This