বিমানৰ জি পি এছ বিকল হোৱাত কথমপি প্ৰাণ ৰক্ষা অধ্যক্ষা উৰচুলা ভনৰ

dainik janambhumi September 03, 2025

ডিজিটেল ডেস্ক : ৰাছিয়াৰ এটা সন্দেহজনক আক্রমণৰ বাবে ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভন ডেৰ লেয়েনক কঢ়িয়াই নিয়া বিমানখনৰ জি পি এছ নেভিগেশ্যন ছিষ্টেম বিকল হৈ পৰে আৰু পেপাৰ মেপ ব্যৱহাৰ কৰি অধ্যক্ষাগৰাকীৰ বিমানখনক বুলগেৰিয়াৰ এটা বিমান বন্দৰ, প্লভডিভত জৰুৰী অৱতৰণ কৰোৱা হয়। ৰাছিয়া আৰু বেলাৰুছৰ

সীমান্তৱর্তী ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ ভ্রমণ কৰাৰ পৰিকল্পনা কৰি অধ্যক্ষাগৰাকী বিমানেৰে যাত্রা কৰিছিল। ইউনিয়নৰ মুখপাত্র আৰিয়ানা পডেষ্টাই কয় যে অধ্যক্ষাগৰাকী ভ্ৰমণ কৰা বিমানখনৰ জি পি এছ ছিষ্টেম বিকল কৰিবলৈ জি পি এছ অৱৰোধ কৰিছিল ৰাছিয়াই। তেওঁ কয় যে এই সন্দৰ্ভত বুলগেৰিয়াৰ কর্তৃপক্ষৰ তেওঁলোকে তথ্য লাভ কৰিছে আৰু ইয়াত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়টো স্পষ্ট হৈ পৰিছে। ইফালে, বুলগেৰিয়াই জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে বিমানখনৰ জি পি এছ নেভিগেশ্যনৰ বাবে ব্যৱহাৰ কৰা ছেটেলাইট ছিগনেল ব্যাহত হৈ পৰে। বিমানখন প্ল'ভডিভ বিমান বন্দৰৰ ওচৰ পোৱাৰ লগে লগে বিমানখনে জি পি এছ ছিগনেল হেৰুৱাইছিল। কিন্তু সৌভাগ্যক্রমে বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে ইউৰোপিয়ান অধ্যক্ষাগৰাকীৰো প্ৰাণৰক্ষা পৰে।

Share This