ডিজিটেল ডেস্ক : শাস্তিৰ ম্যাদ উকলি যোৱাৰ পাছতো কাৰাগাৰত থকা কয়দীসকলক সকাহ দি উচ্চতম ন্যায়ালয়ে মঙলবাৰে এটা গুৰুত্বপূৰ্ণ ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে এইবুলি নির্দেশ দিয়ে যে শাস্তিৰ ম্যাদ শেষ হোৱাৰ পাছত কাকো কাৰাগাৰত ৰাখিব নোৱাৰিব আৰু তেনে লোকক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগিব। উল্লেখযোগ্য যে বর্তমানৰ নিয়ম অনুসৰি শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পাছত এজন কয়দীয়ে মুক্তিৰ বাবে আৱেদন কৰিব লাগে আৰু ইয়াৰ ফলত তেওঁলোক অতিৰিক্ত সময় কাৰাগাৰত থাকিবলগীয়া হয়।
উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে শাস্তি সম্পূৰ্ণ কৰা কয়দীয়ে মুক্তিৰ বাবে কোনো ধৰণৰ আৱেদন নজনোৱাকৈ এতিয়া কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ক্রমে কে ভি বিশ্বনাথন আৰু বি ভি নাগৰত্নক লৈ গঠিত এখন দুজনীয়া বিচাৰপীঠে এখন আৱেদনৰ শুনানি লৈ সকলো ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলৰ গৃহ সচিবক এইবুলি নির্দেশ দিয়ে যে কাৰাগাৰ নিৰীক্ষণ কৰি সৰ্বোচ্চ আদালতৰ ৰায় পালন কৰিব লাগে। উল্লেখযোগ্য যে দিল্লীৰ ব্যৱসায়ী নীতিশ কাটৰা হত্যাৰ গোচৰত সুখদেব যাদৱ ওৰফে পহলৱানক দিয়া ২০ বছৰীয়া কাৰাদণ্ড যোৱা ৯ মাৰ্চত সম্পূর্ণ হয়। ইয়াৰ পাছত তেওঁ মুক্তিৰ বাবে আৱেদন দাখিল কৰে যদিও শাস্তি পর্যালোচনা ব'র্ডে তেওঁৰ আৱেদন অগ্রাহ্য কৰে। ইয়াৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
উচ্চতম ন্যায়ালয়ে অৱশ্যে যোৱা ২৯ জুলাইতে তেওঁক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে সোমবাৰে দিয়া ৰায়টোত কয় যে যিসকল অপৰাধীয়ে নিজৰ শাস্তি কাৰাদণ্ড সম্পূৰ্ণ কৰে, তেওঁলোক বাহিৰলৈ ওলাই অহাৰ বাবে কোনো ধৰণৰ নিৰ্দেশৰ প্ৰয়োজন নাই। কেবল যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কয়দীয়েহে মুক্তিৰ বাবে ব'ৰ্ডৰ ওচৰত আৱেদন জনাব লাগিব।