ডিজিটেল ডেস্ক : পাছপ'র্ট যে নাগৰিকত্বৰ প্ৰমাণৰ নথি নহয়, সেয়া কালি বা ১২ বছৰৰ পূৰ্বে লোৱা সিদ্ধান্ত নহয়। এই ব্যৱস্থাটো দশক দশক ধৰি চলি আহিছে। পাছপ'র্টক লৈ সৃষ্টি হোৱা এক অনাহূত বিতৰ্কৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ সূত্রই এই তথ্য প্রকাশ কৰিছে।
উল্লেখযোগ্য যে বুধবাৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ম্যালয়ে পাছপ'ৰ্ট সেৱা দিৱস উপলক্ষে এটা অনুষ্ঠানত প্রকাশ কৰিছিল যে পাছপ'র্ট হৈছে প্রাথমিকভাবে এখন ভ্ৰমণৰ নথি। ইয়াক কেতিয়াও নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা উচিত নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এই তথ্যৰ পাছতেই বিৰোধী পক্ষৰ লগতে সামাজিক মাধ্যমত কেন্দ্রীয় চৰকাৰ তীব্র সমালোচনাৰ সন্মুখীন হয়।
এই সমালোচনাৰ উত্তৰ দি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই বৃহস্পতিবাৰে আইন আৰু আদালতৰ পূৰ্বৰ নিয়মৰ ভিত্তিত কয় যে ভাৰতত পাছপ 'টক কেতিয়াও নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয়। ১৯৬৭ চনৰ পাছপ'র্ট আইনত উল্লেখ আছে যে ভাৰতৰ নাগৰিকত্ব নথকা এজন লোককো পাছপ'ৰ্ট দিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰটোৱে লগতে প্রকাশ কৰে যে ২০০৩ চনত বোম্বে উচ্চ ন্যায়ালয়ে এটা ৰায়ত উল্লেখ কৰি থৈছে যে পাছপ'র্ট কেতিয়াও নাগৰিকত্বৰ প্ৰমাণ নহয়।