ডিজিটেল ডেস্ক : নেপালৰ প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশখনত তৃতীয় দিনৰ বাবে প্রতিবাদ অব্যাহত আছে। অলি নেতৃত্বাধীন কমিউনিষ্ট পার্টি অব্ নেপালৰ (এম এল) লগতে দলটোৰ ভাতৃ সংগঠন আৰু ছাত্র সংগঠনৰ বৃহৎ সংখ্যক সদস্যই সোমবাৰে পুৱা নয়া বালেশ্বৰ অঞ্চলত একত্রিত হৈ হাতে হাতে প্লে' কার্ড লৈ প্রাক্তন প্রধানমন্ত্রীজনক মুক্তি দিয়াৰ দাবী জনাই বিক্ষোভ প্রদর্শন কৰে। অৱশ্যে, শনি আৰু দেওবাৰৰ তুলনাত সোমবাৰৰ প্রতিবাদী কার্যসূচী শান্তিপূর্ণ আছিল।
উল্লেখযোগ্য যে বলেন্দ্র শ্বাহে প্রধানমন্ত্রী হিচাপে শপত গ্ৰহণৰ পাছতে অনুষ্ঠিত কেবিনেট বৈঠকত যোৱা বছৰৰ জেন জি বিদ্ৰোহৰ তদন্তৰ প্রতিবেদন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত অনুসৰিয়েই জেন জিৰ বিদ্ৰোহৰ সময়ত হত্যা আৰু অত্যাচাৰত অভিযুক্ত তদানীন্তন প্রধানমন্ত্রী কে পি শৰ্মা অলিক গ্ৰেপ্তাৰ কৰে। কিন্তু শৰ্মা অলিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এতিয়া তেওঁৰ সমর্থকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে। তেওঁলোকে শীঘ্রেই প্রাক্তন প্ৰধানমন্ত্ৰীজনক মুক্তি দিয়াৰ দাবী তুলিছে।
ইফালে, হিমালয়ান ৰাষ্ট্ৰখনৰ স্বাস্থ্য মন্ত্ৰী পদত অধিষ্ঠিত হৈছে দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ (এই মছ) প্রাক্তন ছাত্রী নিশা মেহতা। দেশখনৰ চৰকাৰী সূত্রই দেওবাৰে এই তথ্য প্রকাশ কৰে। মেহতাই ২০০৪ চনৰ পৰা ২০০৬ চনলৈ এইমত নাৰ্ছিঙৰ স্নাতক শাখাত অধ্যয়ন কৰিছিল।