ডিজিটেল ডেস্ক : ভাৰতৰ ৰাজহুৱা চিকিৎসা খণ্ডত ইতিহাস ৰচিবলৈ সাজু হৈছে অসম। আগন্তুক সাত দিনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আৰম্ভ হ'ব প্রটন বীম থেৰাপী। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে এই কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে প্ৰটন বীম থেৰাপী এটা অত্যাধুনিক চিকিৎসা।
ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত এনে সুবিধা থকা অসম হ'ব দেশৰ ভিতৰতে প্রথম।
উল্লেখযোগ্য যে প্রটন বীম থেৰাপী হৈছে কেঞ্চাৰ চিকিৎসাৰ এটা অত্যাধুনিক বিকিৰণ (Radia-tion) পদ্ধতি, য'ত এক্স-ৰেৰ সলনি উচ্চ শক্তিসম্পন্ন প্রটন কণিকা ব্যৱহাৰ কৰি টিউমাৰ বা কেঞ্চাৰ কোষ ধ্বংস কৰা হয়। এই পদ্ধতিৰে প্ৰটন কণিকাসমূহক বিশেষ যন্ত্ৰৰ সহায়ত দ্রুতগতিৰে টিউমাৰৰ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয়। এই কণিকাসমূহে টিউমাৰৰ ভিতৰত সৰ্বাধিক শক্তিৰে কাম কৰে ফলত আশে-পাশে থকা সুস্থ কলাৰ ক্ষতি তুলনামূলকভাৱে কম হয়। মগজুৰ টিউমাৰ, মেৰুদণ্ড, চকু, মূৰ-ডিঙিৰ কেঞ্চাৰ আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰটন বীম থেৰাপী উপযোগী।
সাধাৰণভাৱে ক'বলৈ গ'লে, প্রটন বীম থেৰাপী হৈছে এক উন্নত আৰু অত্যন্ত নির্ভুল কেঞ্চাৰ চিকিৎসা পদ্ধতি। কিন্তু এই চিকিৎসাৰ খৰচ যথেষ্ট বেছি। যাৰ বাবে এই চিকিৎসা সকলো চিকিৎসালয়তে উপলব্ধ নহয়।