ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি

dainik janambhumi July 11, 2025

ডিজিটেল ডেস্ক : ফাবিয়ান ৰুইজৰ দুগ'লৰ সহায়ত ৰিয়েল মাদ্রিদক ৪-০ ব্যৱধানত হৰুৱাই পেৰিছ ছেইন্ট জার্মে (পি এছ জি) ফিফা ক্লাব বিশ্ব কাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফৰাচী লীগ আৰু চেম্পিয়নছ লীগৰ চেম্পিয়ন পি এছ জিয়ে তেনেদৰেই ত্রি-মুকুট অৰ্জনৰ বাবে মাথোঁ এখোজ আঁতৰত ৰৈছে। দেওবাৰৰ ফাইনেলত চেলছীক হৰুৱালেই ত্রিমুকুট লাভ কৰিব ফৰাচী ক্লাবটোৱে। 

ৰিয়েলৰ বিৰুদ্ধে ক্লাব বিশ্ব কাপৰ বুধবাৰৰ ছেমি ফাইনেলত ৬ মিনিটতে ফাবিয়ান ৰুইজে পি এছ জিক অগ্রগতি দিয়ে। ইয়াৰ ঠিক তিনি মিনিটৰ পাছতেই ওছমানে ডেম্বেলেই ব্যৱধান ২-০ কৰে। ফাবিয়ানে ২৪ মিনিটত ব্যক্তিগত দ্বিতীয়টো গ'লেৰে পি এছ জিৰ অগ্রগতি ৩-০লৈ বৃদ্ধি কৰে। 

ৰিয়েল মাদ্রিদে দ্বিতীয়ার্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলালেও পি এছ জিৰ ৰক্ষা ভেদ কৰাত ব্যর্থ হয়। আনহাতে, ফিলিয়ান এমবাপেই নিজৰ পুৰণি ক্লাব পি এছ জিৰ বিৰুদ্ধে উজলি উঠিব নোৱাৰিলে। খেলৰ শেষৰ ফালে গঞ্জালো ৰামোছে ৮৭ মিনিটত ৪-০ ব্যৱধানত পি এছ জিৰ জয় ৪-০ত নিশ্চিত কৰে।

Share This