ডিজিটেল ডেস্ক : সকলো ধৰণৰ ক্ৰিকেটৰ পৰা হঠাৎ অৱসৰ লোৱাৰ কথা ঘোষণা কৰে চেতেশ্বৰ পূজাৰাই। বেট-হাতে ২২ গজৰ মাজত আৰু দেখা পোৱা নাযাব ভাৰতীয় দলৰ প্ৰাক্তন সদস্যগৰাকীক। দেওবাৰে পুৱা ছ'চিয়েল মিডিয়াৰ জৰিয়তে সৌৰাষ্ট্ৰৰ বেটাৰগৰাকীয়ে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে। দেশৰ হৈ ১০৩খন টেষ্ট আৰু ৫খন এদিনীয়া আন্তর্জাতিক মেচ খেলিছিল ৩৭ বছৰীয়া তাৰকা বেটাৰগৰাকীয়ে। নিজৰ অৱসৰৰ প্ৰসংগত ভাৰতৰ অন্যতম শ্রেষ্ঠ বেটাৰগৰাকীয়ে কয়, 'দেশৰ জাৰ্ছী পৰিধান কৰা, ৰাষ্ট্ৰীয় সংগীত গোৱা, খেলপথাৰত নামি নিজৰ শ্রেষ্ঠখিনি উজাৰি দিয়াৰ চেষ্টা কৰা এই সকলোবোৰৰ প্ৰকৃত অর্থ ভাষাৰ জৰিয়তে প্রকাশ কৰা সম্ভৱ নহয়। সকলো ভাল কথাৰ এদিন অন্ত পৰে। মই ভাৰতৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা কৃতজ্ঞতাৰে অৱসৰ ল'লোঁ। সমস্ত মৰম আৰু সন্মানৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।'
২০২৩ চনৰ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম টেষ্ট খেলা পূজাৰাই ২০১০ চনত একেটা দলৰ বিপক্ষে টেষ্টত অভিষেক ঘটায়। ৰাহুল দ্রাবিড়ৰ অৱসৰৰ পাছত ভাৰতীয় টেষ্ট দলৰ বেটিং অর্ডাৰৰ তিনি নম্বৰ স্থানত ভৰসা দিব পৰা বেটাৰত পৰিণত হৈছিল পূজাৰা। বাদ পৰাৰ পাছতো ভাৰতীয় দললৈ উভতি অহাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল পূজাৰাই। তেওঁ ঘৰুৱা ক্ৰিকেটৰ লগতে ইংলেণ্ডতো কাউন্টি ক্রিকেট খেলিছিল। যথেষ্ট ৰানো গোটাইছিল। কিন্তু বিগত ডেৰ-দুবছৰে অজিত আগাৰকাৰ নেতৃত্বাধীন বাছনী সমিতিয়ে তেওঁৰ নাম বিৱেচনা কৰা নাছিল। অৱশেষত পুনৰ প্রত্যাৱৰ্তনৰ আশা ত্যাগ কৰি পূজাৰাই অৱসৰ লোৱাৰ সিদ্ধান্ত লয়। বিদেশৰ মাটিত ভাৰতৰ টেষ্ট শৃংখলা জয়ত পূজাৰাৰ অৱদান গুৰুত্বপূৰ্ণ আছিল। বিশেষকৈ অষ্ট্ৰেলিয়াত একেৰাহে দুটা টেষ্ট শৃংখলা জয় কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ২০১৮-১৯ বৰ্ষৰ শৃংখলাত পূজাৰাই ৫২১ ৰান সংগ্ৰহ কৰিছিল। সেই শৃংখলাত তেওঁ তিনিটা শতক অৰ্জন কৰিছিল।
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো তেওঁ লাভ কৰিছিল। তেওঁ ১০৩ খন টেষ্টত খেলি ৪৩.৬০ গড়ে ৭১৯৫ ৰান সংগ্ৰহ কৰিছিল। ৰঙা বলৰ ক্রিকেটত তেওঁৰ সৰ্বাধিক স্ক'ৰ আছিল অপৰাজিত ২০৬ ৰান। তেওঁৰ নামত আছে ১৯টা শতক আৰু ৩৫টা অর্ধ শতৰানৰ ইনিংছ। দেশৰ হৈ ৫ খন এদিনীয়া মেচ খেলা পূজাৰাৰ সংগৃহীত ৰান হৈছে ৫১। প্রথম শ্ৰেণীৰ ২৭৮খন খেলত পূজাৰাই ৫১.৮২ গড়ে ২১,৩০১ ৰান সংগ্রহ কৰে। য'ত তেওঁৰ সৰ্বাধিক স্ক'ৰ হ'ল ৩৫২ ৰান। ইয়াৰ মাজত আছে ৬৬টা শতৰান আৰু ৮১টা অর্ধ-শতকীয় ইনিংছ। পূজাৰাই শেষবাৰৰ বাবে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলত ভাৰতৰ হৈ খেলিছিল। তেতিয়াৰে পৰাই তেওঁ ভাৰতীয় দলৰ পৰা বাহিৰত আছিল।