MENU

ৰঙালাওৰ ৫ টা উপকাৰী গুণ জানি ল‌ওক ভালদৰে 

Kakali Deka January 20, 2025

ডিজিটেল ডেস্কঃ ৰঙালাও ভাৰতীয় পাকঘৰত এক জনপ্রিয় পাচলি। ৰঙালাওৰ বাকলি আৰু গুটিও বৰ উপকাৰী। আপুনি জানেনে যে ৰঙালাও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। কাৰণ ইয়াত ভিটামিন বি, ভিটামিন এ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ প্ৰভাৱ শীতল। যাৰ বাবে গ্রীষ্মকালত ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। জানো আহক ৰঙালাও খোৱাৰ উপকাৰ কি কি?

ৰঙালাও খোৱাৰ উপকাৰিতা-

১) হৃদৰোগ নাইকিয়া হৈ যায়ঃ ৰঙালাও সেৱনে হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে। ইয়াত ভাল পৰিমাণৰ ফাইবাৰ আৰু পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। যদি আপুনি দৈনিক ৰঙালাও সেৱন কৰে, তেন্তে হার্ট এটেকৰ সম্ভাৱনা কম হ'ব পাৰে।
২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰেঃ ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। সেয়েহে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ৰঙালাও সেৱন কৰা উচিত। কাৰণ ইয়াত বিটা কেৰটিন থাকে যিয়ে আপোনাক বহু ৰোগৰ পৰাও পৰিত্ৰাণ কৰাত সহায় কৰে। সেইবাবেই ৰঙালাও দৈনিক খোৱা উচিত।

৩) শৰীৰ হাইড্রেটেড হৈ থাকেঃ গ্রীষ্মকালত বেছিভাগ মানুহৰ শৰীৰত পানীৰ অভাৱ দেখা যায়। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঙালাও খোৱাটো উপকাৰী। কাৰণ ইয়াৰ ৯০ শতাংশ পানীৰে ভৰি থাকে।

৪) ওজন হ্রাস কৰেঃ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত ৰঙালাও অন্তর্ভুক্ত কৰক। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত কেলৰি কম পৰিমাণত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।

৫) কেন্সাৰ প্ৰতিৰোধী গুণঃ ৰঙালাও খালে কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ। ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰূপে বাধা প্রদান কৰে।

Share This