আজিৰ সম্পাদকীয় , হাতত হাত ধৰি যুঁজিব লাগিব

Dainik Janambhumi September 21, 2026

ডিজিটেল ডেস্ক : শেহতীয়াকৈ অসমত যিমানবোৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে, তাৰ অধিকাংশৰ আঁৰত যে ড্রাগছ সেৱনৰ ঘটনা জড়িত আছে, সেয়া এতিয়া প্রায় সকলোৱে জনা কথা। মুখ্যমন্ত্রীয়েও সেইদিনা যোৰহাটত সাংবাদিকৰ আগত কৈছে- যিমান চেইন টনা, ঘড়ী কঢ়া ঘটনা হৈছে, সেইবিলাক ড্ৰাগছৰ লগত লিংক আছে। প্রকৃততে কেৱল অসমৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত মানৱ সমাজৰ বিৰুদ্ধে উদ্ভৱ হোৱা বিভিন্ন প্রত্যাহ্বানসমূহৰ ভিতৰত সাম্প্ৰতিক সময়ৰ ড্ৰাগছৰ প্ৰত্যাহ্বান কিজানি সবাতোকৈ ভয়ংকৰ প্ৰত্যাহ্বান।

অসমত ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি হোৱাৰ অন্যতম মূল কাৰণ ইয়াৰ ভৌগোলিক অৱস্থান। বিশ্বৰ সবাতোকৈ ডাঙৰ অবৈধ আফিং আৰু ড্রাগ্‌ছ উৎপাদনকাৰী অঞ্চল 'গ'ল্ডেন ট্রায়ংগেল'ৰ (ম্যানমাৰ, লাওছ আৰু থাইলেণ্ড) কাষত উত্তৰ-পূর্বাঞ্চল অৱস্থিত। অসমলৈ প্ৰধানকৈ ম্যানমাৰৰ পৰাই ড্ৰাগছ আহে বুলি বিভিন্ন সূত্ৰত প্রকাশ। ইয়াৰে কিছুমান ড্ৰাগছ মিজোৰামেদি, কিছুমান মণিপুৰেদি আৰু কিছু ড্ৰাগছ নগালেণ্ডেৰে অসমত সোমায় বুলি বিভিন্ন মহলত চৰ্চিত। শেহতীয়াকৈ অৰুণাচলেৰে ডিব্ৰুগড়, তিনিচুকীয়াইদি ড্রাগছ সোমোৱা আৰম্ভ কৰিছে বুলিও প্রকাশ। ইয়াৰ উপৰি গ'ল্ডেন ক্ৰেছেণ্টৰ (ইৰান, আফগানিস্তান, পাকিস্তান) পৰা অহা নিচাজাতীয় মাৰাত্মক দ্রব্যসমূহৰ ক্ষেত্ৰতো অসমক এটা 'ট্রেনজিট ৰুট', অর্থাৎ সৰবৰাহকাৰী পথ ৰূপে ব্যৱহাৰ কৰা হয়। দৰাচলতে এটা সময়ত অসম আছিল ড্ৰাগছৰ ট্রেনজিট ৰুটহে। অসমৰ মাজেদি ড্ৰাগছ সৰবৰাহ হৈছিল। কিন্তু সময়ত এতিয়া অসম নিজেই হৈ পৰিছে ড্ৰাগছৰ এক বৃহৎ বজাৰ। অসমৰ মাজেদি দিল্লী, পঞ্জাব আদিলৈ ড্ৰাগছ সৰবৰাহ হওঁতে ৮০ শতাংশ ড্রাগছ হয়তো ৰাজ্যৰ বাহিৰলৈ যায়, কিন্তু প্রায় ২০ শতাংশ ড্রাগছ অসমতে ৰৈ যাবলৈ লৈছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰিয়েই বিগত কেইবছৰমানত অসমত মাদক দ্রব্য সম্পৰ্কীয় গোচৰত ২৪,০০০ তকৈও অধিক গ্ৰেপ্তাৰ হৈছে, যিয়ে সমস্যাটোৰ ব্যাপকতাক প্ৰমাণ কৰিছে। বিভিন্ন সূত্ৰত প্রকাশিত বাতৰি মতে, 'ইনজেক্টিং ড্রাগ ইউজ' এতিয়া ৰাজ্যৰ বাবে এক গুৰুতৰ ৰাজহুৱা সমস্যা হৈ পৰিছে। ইয়াৰ ফলত এইচ আই ভি/এইডছ আদিৰ দৰে সংক্ৰামক ৰোগ বিয়পোৱাৰ আশংকা বাঢ়িছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে 'ড্রাগছমুক্ত অসম'ৰ প্ৰতিশ্রুতি দোহাৰি ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্যসহনশীলতাৰ কথা প্রতীয়মান কৰি আহিছে। চৰকাৰেও বিভিন্ন আঁচনিৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। তথাপি জব্দ কৰা আৰু গ্ৰেপ্তাৰ কৰাতেই সমস্যাটোৰ সমাধান নহয়। ড্ৰাগছৰ ব্যৱসায়ৰ জাল যে বৃহৎ, সেই কথা সহজেই অনুমেয়। এনে বৃহৎ জাল ফালিবলৈ চৰকাৰে আৰু আগ্রাসী ভূমিকা ল'ব লাগিব, সৰু-সুৰা পেডলাৰ কৰায়ত্ত কৰিয়েই ক্ষান্ত নাথাকি এই ব্যৱসায়ৰ ৰৌ-বৰালিসমূহকো কৰায়ত্ত কৰিব পাৰিব লাগিব।

আনহাতে, নাগৰিক সমাজেও চৰকাৰৰ সহযোগিতাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনাৰ দৰে সংগঠনে ৰাজ্যজুৰি ড্ৰাগছ-বিৰোধী উলিওৱা সমদল প্রশংসনীয়। অসমৰ পৰা ড্রাগছ নির্মূল কৰিবলৈ সংগঠনসমূহে ৰূপায়ণ কৰা এনে ধাৰাবাহিক কাৰ্যসূচীয়ে যুৱ প্ৰজন্মক ড্ৰাগছৰ বিৰুদ্ধে কিছু সজাগ কৰিব বুলি ভাবিব পাৰি। সেইদৰে ৰাজ্যৰ চুকে-কোণে গঢ় লৈ উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰতি চৰকাৰে কঠোৰ দৃষ্টি দিয়াটো এক উচিত পদক্ষেপ বুলি বিবেচনা কৰিব পাৰি। ইতিমধ্যেই বিভিন্ন মাধ্যমত এই কথা তথ্যসহকাৰে প্ৰচাৰিত হৈছে যে ৰাজ্যত বেচৰকাৰী উদ্যোগত গঢ় লৈ উঠা অধিকাংশ নিচামুক্তি কেন্দ্ৰ দৰাচলতে ড্ৰাগছ সেৱনৰ আড্ডালৈহে পর্যৱসিত হৈছে। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে অলপতে প্রতিটো বিধানসভা সমষ্টিতে চৰকাৰী উদ্যোগত ৰিহেব চেণ্টাৰ খুলিম বুলি কোৱা কথাষাৰ তাৎপর্যপূর্ণ। মুখ্যমন্ত্রীয়ে কৈছে যে প্রাইভেট ৰিহেব চেণ্টাৰসমূহৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছে। সেয়ে চৰকাৰে এইবোৰ কঠোৰভাৱে পৰ্যবেক্ষণ কৰিব আৰু চৰকাৰী উদ্যোগত নিচামুক্তি কেন্দ্র খুলিব, যাতে ব্যক্তিগত নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰয়োজন নাথাকে।

প্ৰকৃততে অসমৰ ড্ৰাগছৰ সমস্যা আজি কেৱল আইন-শৃংখলাৰ বিষয় নহয়, এই এক ৰাজহুৱা স্বাস্থ্য আৰু সামাজিক সমস্যালৈ ৰূপান্তৰিত হৈছে, যি ৰাজ্যৰ ভৱিষ্যৎ প্রজন্মটোক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছে। চৰকাৰ-প্ৰশাসন, অভিভাৱক আৰু সমাজৰ প্ৰতিজন লোকে একেলগে হাতত হাত ধৰি কাম কৰিলেহে এই 'নীৰৱ মহামাৰী'ৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰিব পৰা যাব।

Share This