ডিজিটেল ডেস্ক : 'আহ আহ ওলাই আহ সজাগ জনতা' বিশ্ববিশ্রুত কণ্ঠশিল্পী ড° ভূপেন হাজৰিকাৰ এই গানৰ কলিটি যেন ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত সম্পূর্ণৰূপে মিলি গৈছে। আমেৰিকাৰ বিৰুদ্ধে যুদ্ধত অংশ লোৱাৰ বাবে চৰকাৰৰ মাত্ৰ এটা আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখ লাখ জনতা। যুদ্ধ আৰম্ভ হোৱাৰে পৰা তেহৰানৰ ৰাজপথত ওলোৱা সমদলসমূহৰ ভিতৰত শুকুৰবাৰে ইৰানী জনতাই সর্ববৃহৎ সমদল বাহিৰ কৰে।
মাতৃভূমিৰ ৰক্ষাৰ বাবে প্রায় ৮০ লাখ জনতাই সামৰিক আৰু অস্ত্ৰৰ প্ৰশিক্ষণ ল'বলৈ চৰকাৰৰ ওচৰত নিজৰ ইচ্ছা ব্যক্ত কৰে। বিনাদ্বিধাই সৈনিকৰ প্রশিক্ষণ ল'বলৈ লাখ লাখ জনতা ওলাই অহা কার্যত ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান নেতৃত্বাধীন চৰকাৰখনকো আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ চলাই যাবলৈ উৎসাহিত কৰি তুলিছে। ইৰান চৰকাৰে এই অভিযানক 'জানফাদা-এ-ইৰান' নামেৰে নামকৰণ কৰিছে। যাৰ অৰ্থ হৈছে দেশৰ হৈ জীৱন পর্যন্ত দিয়াৰ ইচ্ছা থকাসকল ওলাই আহক। দেশখনৰ চৰকাৰী তথ্য মতে, সামৰিক প্রশিক্ষণ ল'বলৈ বর্তমানলৈকে প্রায় ৮০ লাখ জনতাই পঞ্জীয়ন কৰিছে। দেশখনৰ ৰাজধানী তেহৰানতে ৬ লাখ জনতাই পঞ্জীয়ন কৰি দেশৰ হৈ যুদ্ধত অংশ লোৱাৰ পণ লৈছে।
ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰ্পছৰ তথ্য অনুসৰি চৰকাৰৰ আহবানত দেশখনৰ প্রায় ৩.৩ কোটি লোকে সমদলত ভাগ লয়। এইসকলৰ ভিতৰত ৮০ লাখ জনতাই সামৰিক প্রশিক্ষণ ল'বলৈ নিজ ইচ্ছাৰে পঞ্জীয়ন কৰিছে। অর্থাৎ দেশৰ হৈ শত্ৰুৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু এই লোকসকলক এছল্ট ৰাইফলকে ধৰি কেইবাবিধো অস্ত্র চালনাৰ প্রশিক্ষণ দি দেশৰ নিৰাপত্তাৰ বাবে সামৰিক বাহিনীক সহায় কৰিবলৈ পঠোৱা হ'ব। তদুপৰি, চৰকাৰ বিৰোধী প্রতিবাদ দমনৰ বাবেও এইসকলক ব্যৱহাৰ কৰা হ'ব। শুকুৰবাৰে ইৰানৰ ৰাজপথত উলিওৱা সমদলত একাংশ দেশভক্ত জনতাই আমেৰিকা আৰু ইজৰাইলৰ পতাকা গচকি শত্রু ৰাষ্ট্ৰ দুখনৰ পতন কামনা কৰে। সমদলত ৰাষ্ট্ৰপতি পেজেস্কিয়ান, চৰকাৰ আৰু সামৰিক নেতৃত্বই ভাগ লয়। দেশখনৰ শিশুৰ পৰা বৃদ্ধলৈকে জনতাই এই সমদলত অংশ লয়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে অপ্রৰোচিতভাৱে ইৰানত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। তেতিয়াৰে পৰা মধ্যৰ প্ৰাচ্যৰ যুদ্ধখন ছেগাচোৰোকাকৈ অব্যাহত আছে।