কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিত বজাৰৰ অভাৱত টনে টনে গেলিছে ৰঙালাও

dainik janambhumi May 28, 2025

ডিজিটেল ডেস্ক : কৃষি মন্ত্রী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত শ্রম অনুযায়ী ৰঙালাওৰ উচিত মূল্য নোপোৱাত কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বিক্ৰী কৰিবলৈ ছিঙি থোৱা আৰু বৰষুণৰ বাবে তলীতে থকা ৰঙালাও টনে টনে গেলিছে। একাংশ কৃষকে ফেন চলাই মজুত কৰি ৰখা ৰঙালাও বতাহ দিবলগীয়া হৈছে। যোৱা দুটা বছৰে ৰঙালাও খেতি কৰি কৃষকে লাভ কৰিছিল সন্তোষজনক মূল্য।

সেয়েহে এইবাৰ দুগুণ উৎসাহেৰে কৃষকে কৰিছিল ৰঙালাওৰ খেতি। যোৱা বছৰ ৬ কোটি টকাৰ ৰঙালাও বিক্ৰী কৰি লাভ কৰাৰ বিপৰীতে এইবাৰ ১২ কোটি টকাৰ ৰঙালাও পঠোৱাৰ লক্ষ্য লোৱা হৈছিল যদিও উচিত মূল্য পোৱা হ'লে কমেও ২০ কোটি টকাৰ ৰঙালাও অসমৰ বাহিৰলৈ পঠাব পাৰিলেহেঁতেন। কিন্তু ৰঙালাওৰ উচিত মূল্য নোপোৱাৰ বাবে মুৰে-কপালে হাত দিছে কৃষকে। উপযুক্ত সমর্থন মূল্য নোপোৱাৰ বাবেই দ'মে দ'মে গেলিছে ৰঙালাও। বহু কৃষকে ৰঙালাওৰে গৰুক দানা সিজাই খুৱাইছে। কুৰুৱাবাহীৰ এগৰাকী যুৱ কৃষক মণ্টু বৰাৰ ঘৰত জমা কৰি ৰখা হৈছে পৰ্বতসম ৰঙালাও।

ইতিমধ্যে ১০৯ টন ৰঙালাও বিক্ৰী কৰিলে যদিও ঘৰত প্ৰায় সমপৰিমাণৰ ৰঙালাও জমা কৰি ৰাখিছে বিক্ৰীৰ বাবে। পথাৰৰ খৰচ, পথাৰৰ পৰা মূল পথলৈ ট্রেক্টৰেৰে অনা খৰচ, শ্রমিকক দিব লগা খৰচৰ পাছত প্রতি কিল'গ্ৰামত ৪ টকাকৈ ৰঙালাও বিক্ৰী কৰিলে প্ৰচুৰ লোকচান হয় বুলি জনালে মণ্টু বৰাই। ৫ টকাৰ ওপৰত দাম পোৱাৰ আশা পালি মণ্টু বৰাই ৰভা দি জমা ৰাখিছে ৰঙালাও। উচিত মূল্য পালে মণ্টু বৰাই এইবাৰ ৰঙালাও নি বিক্ৰী কৰি পাব ৫ লাখ ৮০ হাজাৰ টকা। মণ্টু বৰাই জনোৱা মতে ৰঙালাওৰ বজাৰখনত সৃষ্টি হৈছে মধ্যভোগীৰ। নামনি অসমৰ ৰঙালাও ক্ৰয় কৰা বেপাৰীৰ সৈতে একাংশই আগতীয়াকৈ কথা পাতি নিজৰ মুনাফা আদায় কৰিছে। মণ্টু বৰাই ক্ষোভেৰে কয়, অসমৰ ৰাজনীতিত কৃষকক আগবাঢ়িবলৈ নিদিয়ে। চৰকাৰৰ ভয়- কৃষকৰ অৱস্থা ভাললৈ আহিলে পঞ্জাবৰ দৰে হিলাই দিব পাৰে চৰকাৰ। ইফালে কিছুদিনৰ আগতে গুৱাহাটীত এক প্রশিক্ষণত ভাগ ল'বলৈ যাওঁতে বিশেষজ্ঞসকলে ৰঙালাওৰ পৰা জুচ প্ৰস্তুত কৰি বাহিৰলৈ পঠাব পাৰে বুলি কৈছিল।

তদুপৰি ৰঙালাওৰ বাকলি মাছ আৰু পশুখাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি ৰঙালাওৰ গুটি ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। এইবোৰ কথা অসমৰ কৃষকে গমেই নাপায়। বৰাই কয় যে এই উদ্যোগ স্থাপন কৰিব পাৰিব কেৱল চৰকাৰে। উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ ব্যৱস্থাও চৰকাৰে কৰিব পাৰে। স্থানীয়ভাৱে এনে উদ্যোগ গঢ়ি তুলিলে স্থানীয় কৃষক উপকৃত হ'ব। কুৰুৱাবাহী মৰিয়াহোলা অঞ্চলত ১৯৯৭ চনৰ পৰা কৃষি কৰ্মত আত্মনিয়োগ কৰা কৃষকগৰাকীয়ে বোকাখাতৰ বিধায়ক, কৃষি মন্ত্ৰী অতুল বৰাৰ দক্ষতাক স্বীকাৰ কৰিও কয় যে দল-মত নির্বিশেষে বোকাখাতৰ কৃষকসকলৰ সৈতে এক আলোচনাত বহিলে বোকাখাতক উন্নত কৃষি ক্ষেত্ৰত পৰিণত কৰিব পাৰিব। সৌহার্দ্যপূর্ণ এই আলোচনাত বহু অপ্রকাশিত কথা মন্ত্ৰীগৰাকীক জনাব পৰাও যাব বুলি উল্লেখ কৰে। ইফালে জিন্টু হাজৰিকাই এই প্রতিবেদকক জনোৱা মতে, যোৱা বৰ্ষৰ তুলনাত এইবাৰ দুগুণ উৎসাহেৰে ৮০ বিঘা মাটিত ৰঙালাও খেতি কৰিছিল। চাৰি টকা, চাৰে চাৰি টকা মূল্যত ইতিমধ্যে ১২ চকীয়া গাড়ীত পাঁচ গাড়ী ৰঙালাও বিক্ৰী কৰে। জিন্টুৱে আগৰতলা, কলকাতা, শিলিগুৰিলৈ প্ৰেৰণ কৰিছে। বিগত বৰ্ষত অতি কমেও প্রতি কেজিত সাত টকা লাভ কৰিছিল। এইবাৰ দাম কমাৰ কাৰণ জানিব পৰা নাই। এইবাৰ যিমান পৰিমাণে ৰঙালাও উৎপাদন হ'ব লাগিছিল সেই অনুপাতে ৰঙালাও উৎপাদন নোহোৱাৰ কথা উল্লেখ কৰি কয় যে গুটিৰ খেলিমেলি হোৱাৰ বাবেও উৎপাদন হ্রাস পাইছে। জিন্টুৱে এইবাৰ মাটিমাহৰ পৰা প্ৰায় ১.৩০ লাখ আৰু সৰিয়হ বিক্ৰী কৰি প্ৰায় ৭৫ হাজাৰ টকা লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

Share This