পঞ্জাবক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা

dainik janambhumi September 04, 2025

ডিজিটেল ডেস্ক : বান বিধ্বস্ত পঞ্জাবক 'দুর্যোগপীড়িত' ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। পঞ্জাবৰ মুখ্য সচিব কে এ পি সিনহাই ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশক দুর্যোগ ব্যৱস্থাপনা আইন, ২০২৫ৰ ৩৪ ধাৰাৰ অধীনত দুৰ্যোগৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি যিকোনো আৱশ্যকীয় আদেশ জাৰি কৰিবলৈ কর্তৃত্ব প্রদান কৰে। বান বিধ্বস্ত লোকসকলক সাহায্য প্রদান কৰিবলৈ সকলো জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক উপযুক্ত আৰু ক্ষিপ্ৰ ব্যৱস্থা প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

সম্প্রতি ৰাজ্যখনৰ১২০০খন গাঁও জলমগ্ন হৈ আছে। ইপিনে, বতৰ বিজ্ঞান বিভাগে (আই এম ডি) পঞ্জাব, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাব, উত্তৰাখণ্ড, হিমাচল প্রদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূব অংশত বুধবাৰে মুষলধাৰ বৰষুণ অব্যাহত থাকিব।

Share This