ডিজিটেল ডেস্ক : চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ বুধবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ 'ডি'ৰ গুৰুত্বপূর্ণ মেচখনত ইণ্ডিয়ান ছুপাৰ লীগৰ দল পঞ্জাব এফ চি আৰু আই টি বি পি ফুটবল দলে গ'লশূন্য ড্র খেলি পইন্ট ভগাই লয়। মেচখন উভয় দলৰ বাবে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ দৃষ্টিকোণেৰে গুৰুত্বপূৰ্ণ আছিল।
প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰা পঞ্জাব এফ চি আৰু আই টি বি পি দলে এতিয়া অন্তিম মেচত বড়োলেণ্ড এফ চিৰ মুখামুখি হ'ব। বড়োলেণ্ড এফ চিয়েও প্রথম মেচত জয়লাভ কৰিছে তথা দুখন মেচ খেলিবলৈ বাকী আছে। বাকী থকা দুয়োখন মেচ তিনিওটা দলৰ বাবে নকআউট সদৃশ হৈ পৰিছে।
ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনৰ কাইলৈ হ'বলগীয়া দিনটোৰ প্ৰথমখন মেচত ইম্ফলৰ মান লাম্পাক ষ্টেডিয়ামত ঘৰুৱা দল নেৰ'কা এফ চিয়ে ভাৰতীয় নৌ সেনা ফুটবল দলৰে মুখামুখি হ'ব। ইফালে, আজি দিনটোৰ দ্বিতীয় মেচখনত বি এছ এফ ফুটবল দলে মহমেদান এছ চিৰ বিৰুদ্ধে খেলিব।