ডিজিটেল ডেস্ক: কুইণ্টন ডে ককৰ (১১২) দূৰম্ভ অবিজিত শতৰান সত্ত্বেও আই পি এলৰ কালিৰ খেলত পঞ্জাব কিংছৰ হাতত ৭ উইকেটত পৰাজিত হয় মুম্বাই ইণ্ডিয়ানছ।
মুম্বাইৰ ৬ উইকেটত ১৯৫ ৰানৰ প্ৰত্যুত্তৰত পঞ্জাবে প্রভছিমৰন সিঙৰ অবিজিত ৮০ আৰু শ্রেয়াস আয়াৰৰ ৬৬ ৰানৰ জৰিয়তে পঞ্জাবে ১৬.৩ অ'ভাৰত ৩টা উইকেট হেৰুৱাই ১৯৮ ৰান কৰি জয়লাভ কৰে। দলীয় স্ক'ৰ ৪৫ ৰানত ২টা উইকেট হেৰুৱালেও অ'পেনাৰ প্ৰভছিমৰন আৰু অধিনায়ক আয়াৰে তৃতীয় উইকেটত ৬৭টা বলত ১৩৯ ৰানৰ যুটি বান্ধি দললৈ সহজ জয় কঢ়িয়াই আনে।
প্ৰভছিমৰনৰ সৈতে ১০ ৰানত বেট ধৰি থাকে মার্কাছ ষ্টইনিছে। মুম্বাইৰ এ এম ঘাজানফাৰে সৰ্বাধিক দুটা উইকেট দখল কৰে। ইয়াৰ আগেয়ে কুইণ্টন ডে ককৰ ৬০টা বলত অবিজিত ১১২ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে ৬ উইকেটত ১৯৫ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিছিল।
এটা সময়ত প্রথম ৩ অভাৰতে ১২ ৰানত দুটা উইকেট হেৰুৱাই শ'লঠেকত পৰিছিল মুম্বাই। ৰিয়ান ৰিকল্টনে ২ আৰু সূর্যকুমাৰ যাদৱে কোনো ৰান নকৰাকৈ আউট হয়। ইয়াৰ পাছত ৰোহিত শৰ্মাৰ স্থানত খেলা ডে ককে প্রথমে নমন ধীৰৰ (৫০) সৈতে তৃতীয় উইকেটত ৬৮ বলত ১২২ ৰানৰ যুটি বান্ধি দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গঢ়ে। পৰৱৰ্তী পৰ্যায়ত অধিনায়ক হার্দিক পাণ্ডিয়াৰে(১৪) মিলি ২৩টা বলত আন ৪১ ৰানৰ যুটি বান্ধে ডে ককে। পঞ্জাব কিংছৰ অৰ্শদীপ সিঙে সর্বাধিক তিনিটা উইকেট দখল কৰে ।