ডিজিটেল ডেস্ক: পঞ্জাব কিংছে কালি আই পি এলৰ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টক সাত উইকেটত পৰাজিত কৰি প্লেঅফৰ সম্ভাৱনা জীয়াই ৰাখিলে। পঞ্জাবক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৯৭ৰানৰ।
দলটোৱে অধিনায়ক শ্রেয়াস আয়াৰৰ অপৰাজিত চেঞ্চুৰী আৰু প্ৰভছিমৰন সিঙৰ অর্ধশতৰানৰ সহায়ত সহজে এটা অ'ভাৰ বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। আয়াৰে ৫১টা বলত ১১টা চাৰি আৰু ৫টা ছয়েৰে ১০১ ৰানত অপৰাজিত হৈ থাকে। আনহাতে সিঙে ৩৯টা বলত ৭টা চাৰি আৰু ২টা ছয়েৰে ৬৯ ৰান কৰে। ইয়াৰ আগতে লক্ষ্ণৌৱে প্রথমে বেটিং কৰি ৬টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। অ'পেনাৰ যোছ ইংলিছে ৪৪টা বলত ৯টা চাৰি আৰু ২টা ছয়েৰে ৭২ ৰান কৰে। ইয়াৰ উপৰি আয়ুস বাডানিয়ে ১৮টা বলত ৪৩ ৰান, আব্দুল ছামাদে ২০টা বলত ৩৭ ৰান আৰু অধিনায়ক ঋষভ পণ্টে ২৬ ৰান কৰে।
ইফালে কালিৰ জয়ৰ পাছত পঞ্জাবে ১৪খন মেচৰ সাতখনত জয়ী আৰু ছয়খনত পৰাজিত হৈ ১৫ পইন্টেৰে পইণ্টৰ তালিকাত চতুর্থ স্থানত আছে। আনহাতে লক্ষ্ণৌৱে সম সংখ্যক মেচৰ ৪খনত জয়ী আৰু ১০খনত পৰাজিত হৈ পইণ্টৰ তালিকাত অন্তিম স্থান লাভ কৰে। ইফালে পঞ্জাবে কালি জয়লাভ কৰাৰ পাছত ৰাজস্থান ৰলেয়ছৰ স্থান পঞ্চমলৈ অৱনমিত হয়। ৰাজস্থানে এতিয়া প্লেঅফত খেলাৰ সুযোগ লাভৰ বাবে আজি মুম্বাই ইণ্ডিয়ানছক পৰাজিত কৰিবই লাগিব ।