ডিজিটেল ডেস্ক : আগশাৰীৰ ৪ বেটাৰৰ উপযোগী বৰঙনিৰ জৰিয়তে আই পি এলৰ কালিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাজিত কৰে পঞ্জাব কিংছে। প্রতিযোগিতাখনত চেন্নাইৰ এয়া ক্রমশঃ দ্বিতীয় পৰাজয়। আনহাতে পঞ্জাবে লেঠাৰিকৈ দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰে। অধিনায়ক শ্রেয়াষ আয়াৰৰ ৫০ ৰানৰ লগতে প্ৰভছিমৰন সিঙৰ ৪৩, প্রিয়াংশ আৰ্যৰ ৩৯ আৰু কুপাৰ কনলিৰ ৩৬ ৰানৰ সহায়ত পঞ্জাব কিংছে ৫টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।
চেন্নাইৰ ৫ উইকেটত ২০৯ ৰানৰ প্ৰত্যুত্তৰত পঞ্জাবে ১৮.৪ অ'ভাৰত ২১০ ৰান কৰি প্রতিযোগিতাখনত দ্বিতীয়টো জয় সাব্যস্ত কৰে। ইয়াৰ আগেয়ে যুৱ ক্রিকেটাৰ আয়ুষ মাট্ৰেৰ ৪৩টা বলত দলীয় সর্বাধিক ৭৩ ৰানৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে ৫ উইকেটত ২০৯ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰে।
মাট্রেই দ্বিতীয় উইকেটত অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ (২২ বলত ২৮ ৰান) মিলি ৯৬ ৰানৰ সংযোজন ঘটাই চেন্নাইৰ প্ৰত্যাহ্বানমূলক স্ক'ৰৰ ভেটি গড়ে। তাৰ মাজতে শেষৰফালে ছৰফৰাজ খানে মাথোঁ ১২টা বলত ৩২ ৰান কৰাৰ বিপৰীতে শিৱম ডুবেই ২৭টা বলত অবিজিত ৪৫ ৰানৰ অৱদান যোগায়।