ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী পঞ্জাব

dainik janambhumi April 06, 2025

ডিজিটেল ডেস্ক : ৰিয়ান পৰাগৰ দর্শনীয় বেটিঙৰ লগতে যশস্বী জয়ছোৱালৰ অর্ধশতৰানৰ সহায়ত ৰাজস্থান ৰয়েলছে এইবাৰৰ আই পি এলত শনিবাৰে একেৰাহে দ্বিতীয় জয় অর্জন কৰে। প্ৰতিযোগিতাৰ কালি মুল্লানপুৰত অনুষ্ঠিত মেচখনত ৰাজস্থানে পঞ্জাব কিংছক ৫০ ৰানত পৰাজিত কৰে। 

ৰাজস্থানে প্রথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অ'ভাৰত চাৰি উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। দলটোৱে ৮৯ ৰানত প্রথমটো উইকেট হেৰুৱায় অধিনায়ক সঞ্জু ছেমছনৰ (৩৮)। ইয়াৰ পাছত আনজন অ'পেনাৰ যশস্বীৰ লগ লাগে ৰিয়ান পৰাগে। দুয়ো মিলি দ্বিতীয় উইকেটত ৩৪ ৰান যোগ কৰে। সেই সময়তে যশস্বীয়ে ৬৭ ৰান কৰি বিদায় লয়। ৰিয়ানে ধ্ৰুৱ জুৰেলৰ সৈতে মিলি পঞ্চম উইকেটত অপৰাজিত ৪৭ ৰান সংগ্ৰহ কৰে। দুয়ো মিলি ইংনিছৰ অন্তিম অভাৰটোত ১৯ ৰান সংগ্ৰহ কৰে। 

ৰিয়ানে ২৫টা বলত ৩টা চাৰি আৰু ৩টা ছয়েৰে ৪৩ বানত আৰু জুৰেল ১৩ ৰানত অপৰাজিত হৈ থাকে। নীতেশ ৰাণাই ১২ আৰু ছিমবন হেৎমায়াৰে ২০ ৰানৰ অবদান আগবঢ়ায়। প্রত্যুত্তৰত পঞ্জাবে ৯ উইকেট হেৰুৱাই ১৫৫ বানহে গোটাবলৈ সক্ষম হয়। দলটোৰ নেহাল বাধেৰাই ৬২ বান কৰে। আনহাতে গ্লেন মেক্সরেলে ২১টা বলত ৩০ ৰান কৰে। ৰাজস্থানে এইবাৰৰ আই পি এলত এতিয়ালৈকে চাৰিখন মেচ খেলিছে আৰু ইয়াৰে দুখনত জয়ী আৰু দুখনত পৰাজিত হৈ চাৰি পইন্ট সংগ্ৰহ কৰিছে। আনহাতে, পঞ্জাবে তিনিখন মেচৰ দুখনত জয়ী হৈ চাৰি পইন্ট সংগ্ৰহ কৰিছে।

Share This