ৰাহুলৰ অভিলেখেও বচাব নোৱাৰিলে দিল্লীক, সৰ্বাধিক ৰানৰ লক্ষ্য অতিক্রম কৰি ইতিহাস ৰচনা পঞ্জাবৰ

dainik janambhumi April 26, 2026

ডিজিটেল ডেস্ক: পঞ্জাব কিংছে কালি দিল্লী কেপিটেলছক আই পি এলৰ এখন মেচত ৬ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাসৰ সৃষ্টি কৰে। দিল্লীয়ে প্রথমে বেটিং কৰি ২টা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে। 

প্ৰত্যুত্তৰত পঞ্জাবে ১৮.৫ অ'ভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হৈ ইতিহাসৰ সৃষ্টি কৰে। আই পি এলৰ ইতিহাসত পঞ্জাবে সৰ্বাধিক ৰানৰ লক্ষ্য অতিক্ৰম কৰি অভিলেখৰ সৃষ্টি কৰে। পাঞ্জাবে কালি টি-২০ ক্রিকেটতো অভিলেখৰ সৃষ্টি কৰে। 

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত কালি আৰম্ভণিৰ পৰাই ৰানৰ জোৱাৰ উঠে। দিল্লীয়ে প্রথমে বেটিং কৰি ২৮ ৰানত পাথুম নিশাংকাৰ (১১) উইকেটটো হেৰুৱায়। ইয়াৰ পাছত ষ্টেডিয়ামত ৰানৰ জোৱাৰ তুলি উইকেটকীপাৰ-বেটাৰ কে এল ৰাহুলে নীতিশ ৰানাৰ সৈতে মিলি পঞ্জাবৰ বলিং আক্রমণ ছেদেলি-ভেদেলি কৰি পেলায়। ৰাহুল আৰু নীতিশে দ্বিতীয় উইকেটত ৯৫টা বলত ২২০ ৰান সংগ্ৰহ কৰে। ৰাহুলে মাত্রা ৬৭টা বলত ১৬টা চাৰি আৰু ৯ টা ছয়েৰে ১৫২ ৰানত অপৰাজিত হৈ থাকে। তেওঁ মাত্র ৪৭টা বলত চেঞ্চুৰী সম্পূৰ্ণ কৰে। ৰাহুলে কালি আই পি এলত ভাৰতৰ হৈ ব্যক্তিগত সৰ্বাধিক ৰান কৰাৰ অভিলেখ গড়ে।  

উল্লেখযোগ্য যে আই পি এলত ব্যক্তিগত সৰ্বাধিক ৰানৰ অভিলেখ ক্ৰিছ গেইলৰ। গেইলে ২০১৩ চনত আৰ চি বিৰ হৈ অপৰাজিত ১৭৫ ৰান কৰি এই অভিলেখ গঢ়িছিল। আনহাতে নীতিশ ৰানাই ৪৪টা বলত ১১টা চাৰি আৰু ৪টা ছয়েৰে ৯১ ৰান সংগ্ৰহ কৰে। 

দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে দ্বাদশ ইনিংছটো বলিং কৰাৰ বাবে বল জেভিয়াৰ বাটলাৰৰ হাতত তুলি দিয়ে। এই অ'ভাৰটোৰ প্রতিটো বল বাউণ্ডেৰীলৈ ঠেলি নীতিশে ২৮ ৰান সংগ্ৰহ কৰে। তেওঁ প্রথম বলটোত ছয় আৰু পাছৰ চাৰিটা বলত ৪টা চাৰি তথা অন্তিম বলটোত ৬ ৰান সংগ্ৰহ কৰে। তেওঁ মাত্র ২৯টা বলত অর্ধশতৰান সম্পূৰ্ণ কৰে। 

প্ৰত্যুত্তৰত পঞ্জাবে সাতটা বল বাকী থকা অৱস্থাত চাৰি উইকেট হেৰুৱাই ২৬৫ ৰান সংগ্ৰহ কৰি জয়ৰ লক্ষ্যত উপনীত হয়। প্রভছিমৰণ সিঙে ২৬টা বলত ৯টা চাৰি আৰু ৫টা ছয়েৰে ৭৬ৰান, অধিনায়ক শ্রেয়াস আয়াৰে ৩৬টা বলত ৩টা চাৰি আৰু ৭টা ছয়েৰে ৭১ ৰান কৰে। অ'পেনাৰ শ্রেয়াংশ আর্যই ১৭টা বলত ২টা চাৰি আৰু ৫টা ছয়েৰে ৪৩ ৰানৰ অৱদান আগবঢ়ায়। প্রভছিমৰণ সিঙে মুকেশ কুমাৰৰ এটা অ'ভাৰত ছটা চাৰি মাৰে।

Share This