পঞ্জাব পুলিচে গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীৰ জ্যেষ্ঠ চিকিৎসকক

Kakali Deka June 03, 2025

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত পঞ্জাব আৰক্ষীৰ অভিযান। অভিযানত মহানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন চিকিৎসকক। কলিংগা কেতন নায়ক নামৰ চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ ।

কলিংগাৰ বিৰুদ্ধে আছে কোটি টকাৰ আত্মসাতৰ অভিযোগ।গুৱাহাটীৰ আগশাৰীৰ প্ৰাইভেট হস্পিটেলত আৰক্ষীৰ অভিযান। হস্পিটেলৰ চেম্বাৰৰ পৰাই আটক হ'ল এগৰাকী জ্যেষ্ঠ চিকিৎসক।

পঞ্জাব পুলিচে গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীৰ জ্যেষ্ঠ চিকিৎসকক। পঞ্জাবত ডেৰ কোটি লুণ্ঠনৰ আঁৰত আছিল গুৱাহাটীৰ ডাক্তৰ।

কে কে নায়কক ক'র্টত হাজিৰ কৰাই আৰক্ষীয়ে লয় নিজৰ জিম্মাত। কেঞ্চাৰ ৰোগ বিশেষজ্ঞ ডাঃ কালিঙ্গ কেটন নায়কক গ্ৰেপ্তাৰ কৰা খবৰে চৰ্চা লাভ কৰিছে।

পঞ্জাবৰ এখন চিকিৎসালয়ত ডেৰ কোটি টকা লুণ্ঠনত অভিযুক্ত ডাক্তৰজন।

পঞ্জাবৰ সদৰ খৰৰ থানাত ৰুজু হৈছিল 56/2025 নং গোচৰ।

বশিষ্ঠ আৰক্ষীৰ সহযোগত হস্পিটেলৰ পৰা গ্ৰেপ্তাৰ হয় চিকিৎসকজন।

ডাঃ নায়কক ট্ৰেনজিত ৰিমাণ্ডত লৈ পঞ্জাবলৈ ৰাওনা আৰক্ষীৰ দল।

Share This