'ইষ্টাৰ যুদ্ধবিৰতি' ঘোষণা পুটিনৰ

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শনিবাৰে এক সাময়িক 'ইষ্টাৰ যুদ্ধবিৰতি' ঘোষণা কৰে।

 'মানৱীয় কাৰণ'ত পুটিনে মস্কোৰ সময়মতে শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা দেওবাৰৰ মাজনিশালৈ সামৰিক অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰে। 

ৰাছিয়াৰ চীফ অব স্টাফ ভেলেৰী গেৰা ছিমভৰ সৈতে এক বৈঠকৰ পাছত টেলিভিছনত কৰা এটা ঘোষণাত পুটিনে কয়, 'মানৱীয় কাৰণত আজি ১৮.০০ বজাৰ পৰা (১৫০০ জি এম টি) দেওবাৰৰ মাজনিশালৈ (দেওবাৰ ২১০০ জি এম টি) ৰাছিয়াই ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰিছে। 

উল্লেখযোগ্য যে ইষ্টাৰ হৈছে খ্ৰীষ্টানসকলৰ এক প্রধান বন্ধৰ দিন আৰু ইয়াক দেওবাৰে পালন কৰা হয়। 

পুটিনে আৰু কয়, 'এই সময়ছোৱাত মই সামৰিক কাৰ্যকলাপ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছোঁ।' পুটিনে ইউক্রেইনৰ প্ৰতি কয়, 'ইউক্রেইনে আমাৰ দৃষ্টান্ত অনুকৰণ কৰিব বুলি আমি এই পদক্ষেপ গ্রহণ কৰিছোঁ। 

যুদ্ধবিৰতিৰ সম্ভাব্য উলংঘন আৰু শত্ৰুৰ প্ৰৰোচনা প্ৰতিৰোধ কৰিবলৈ, যিকোনো আক্ৰমণাত্মক কাৰ্যৰ বিৰুদ্ধে আমাৰ সৈন্যসকল সাজু হৈ থাকিব লাগিব।'

Share This