ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ'নযোগে কথা পাতিছে। কথা-বতৰাৰ সময়ত তেওঁ পহলগামত হোৱা আক্ৰমণক গৰিহণা দিয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই তথ্য দিছে। এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক্সযোগে প'ষ্ট কৰিছে।
ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক ফ'ন কৰি ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
ৰণধীৰ জয়ছৱালে জনোৱা মতে পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু তেওঁলোকৰ সমৰ্থকসকল ন্যায়ৰ কাষ চাপিব লাগিব। প্ৰধানমন্ত্ৰীয়ে বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি পুটিনক শুভেচ্ছা জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনায়।
ইয়াৰ পূৰ্বে দেওবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশক সংযম কৰিবলৈ আহ্বান জনাইছিল।
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন লোকে প্ৰাণ হেৰুৱাইছিল। এই আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ অধিকাংশই আছিল পৰ্যটক। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পাছত এই আক্ৰমণ সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ বুলি বিৱেচিত হৈছে। এই আক্ৰমণৰ আঁৰত পাকিস্তান থকা বুলি কোৱা হৈছে। এই আক্ৰমণৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।