ডিজিটেল ডেস্কঃ ইউক্রেইনত যুদ্ধৰ অন্ত পেলাবলৈ কোনো ধৰণৰ পূৰ্বচৰ্ত নোহোৱাকৈ ইউ'ক্রেই নৰে আলোচনাত বহিবলৈ সাজু ৰুছ ৰাষ্ট্ৰপতি পুটিন। ক্রেমলিনৰ মুখপাত্ৰ ডিমিট্রি পেছকভে এই কথা শনিবাৰে সদৰী কৰে। ইউক্রেই নৰে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱৰ বিষয়ত শুকুৰবাৰে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ দূত ষ্টীভউইটকফৰে ৰাষ্ট্ৰপতি পুটিন বৈঠকত মিলিত হয়।
ইফালে, ৰাষ্ট্ৰপতি ট্রাম্পেও ইংগিত দিছে যে এখন শান্তি চুক্তিত ৰাছিয়া-ইউক্রেইন অতি সোনকালে উপনীত হ'ব। আনহাতে, শনিবাৰে ৰাছিয়াই ঘোষণা কৰে যে কুৰ্ম্মৰ পশ্চিম অঞ্চল তেওঁলোক সম্পূৰ্ণৰূপে ইউক্রেইনৰ কবলৰ পৰা উদ্ধাৰ কৰিছে।
আনহাতে, শেহতীয়া খবৰ অনুসৰি, ৰোমত ৰাষ্ট্ৰপতি জেলেনস্কীৰে বৈঠকত মিলিত হোৱাৰ কেইঘণ্টামানৰ পাছতেই ৰাষ্ট্ৰপতি ট্রাম্পে ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠে। ট্রাম্পে অভিযোগ কৰে যে যুদ্ধখনৰ অন্ত পেলোৱাৰ দিশত ৰাছিয়াৰ সদিচ্ছা নাই। অসামৰিক লোকে বাস কৰা স্থানত পুটিনে ক্ষেপণাস্ত্র আক্ৰমণ কৰাৰ কোনো যুক্তি নাই বুলি ট্রাম্পে মন্তব্য কৰে।