ডিজিটেল ডেস্ক: ভাৰতৰ লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে বার্লিনত জার্মানিৰ পৰিৱেশ মন্ত্ৰী কাৰ্ছটেন স্নাইডাৰক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত গান্ধীয়ে মন্ত্ৰীজনৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ বাবে দীর্ঘস্থায়ী, মানুহকেন্দ্রিক সমাধানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ভাৰতীয় জাতীয় কংগ্রেছে সামাজিক মাধ্যম এক্সত এই কথা জনায়।
ইয়াৰ আগতে গান্ধীয়ে ইণ্ডিয়ান অভাৰছিজ কংগ্ৰেছে আয়োজন কৰা 'কানেক্টিং কালচাৰ' শীর্ষক অনুষ্ঠানত ভাৰতীয়সকলৰ আগত ভাষণ দিয়ে। ইয়াৰ উপৰি দিনটোৰ আগভাগত গান্ধীয়ে জার্মানিৰ প্রাক্তন চেন্সেলৰ অ'লাফ ছ'কো সাক্ষাৎ কৰে। উল্লেখযোগ্য যে পাঁচদিনীয়া জার্মানি ভ্রমণসূচীৰে যোৱা ১৭ ডিচেম্বৰত দেশখনত উপস্থিত হৈছিল।