জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্ক : অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অহা ১৭ অক্টোবৰত গুৱাহাটীলৈ আহিব। 

তেওঁ গুৱাহাটীত উপস্থিত হৈ মহানগৰীৰ সমীপৰ সোণাপুৰস্থিত সমাধিস্থলীত জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাব। 

লোক সভাৰ বিৰোধী দলপতিগৰাকীয়ে প্রয়াত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা জনাব।

Share This