সংসদ ভৱনত কৃষক নেতাসকলৰ প্ৰতিনিধি দলক ৰাহুল গান্ধীৰ সাক্ষাৎ, সংসদত কৃষকৰ হৈ মাত মাতিব ইণ্ডিয়াই
Digital desk
July 25, 2024
ডিজিটেল ডেস্কঃ সংসদ ভবনৰ চৌহদত যোৱা কালি কৃষক নেতাসকলৰ এটা প্রতিনিধি দলক সাক্ষাৎ কৰাৰ পাছত লোক সভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে কৃষকসকলে যাতে ন্যূনতম সমর্থন দামৰ (এম এছ পি) এটা ন্যায়িক নিশ্চয়তা পায় সেইটো 'ইন্ডিয়া' মর্চাই নিশ্চিত কৰিব আৰু চৰকাৰক হেঁচা দিব।
পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ, তেলেংগানা, তামিলনাডু আৰু কর্ণাটকৰ কৃষক নেতাসকলৰ প্রতিনিধি দলটোৱে গান্ধীক কৃষকসকলে সম্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে অৱগত কৰে। সভাখনৰ পাছত গান্ধীয়ে সাংবাদিকসকলক কয়, 'ইণ্ডিয়া'ৰ নেতাসকলৰ সৈতে আমি আলোচনা কৰিম আৰু এইটো নিশ্চিত কৰিবলৈ চৰকাৰক' হেঁচা দিম যে কৃষকসকলে যাতে এম এছ পিৰ এটা আইনী নিশ্চয়তা পায়।' সভাত কংগ্ৰেছৰ প্রধান সম্পাদক কে চি বেণুগোপাল, পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নি, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী অমবিন্দৰ সিং বাজা বাৰিং, কংগ্ৰেছৰ নেতাসকল ক্রমে সুখজিন্দৰ সিং বান্ধৱা, গুৰজিত সিং ঔজলা, ধৰমবীৰ গান্ধী, অমৰ সিং, দিপেন্দৰ সিং হুদা আৰু জয় প্রকাশো উপস্থিত আছিল।
প্রতিনিধি দলটোত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্রদেশ, তেলেংগানা, তামিলনাডু আৰু কৰ্ণটিকৰ ১২জন কৃষক নেতা আছিল। তেওঁলোকে গান্ধীক তেওঁলোক নিজ নিজ ৰাজ্যৰ কৃষকসকলো সম্মুখীন হোৱা সমস্যাবোৰ অৱগত কৰে। অমবিন্দৰ সিং ৰাজা বাৰিঙে সভাখনৰ পাছত এটা টেলিভিছন চেনেলক কয়, 'ৰাহুল গান্ধীয়ে সংসদৰ ভিতৰত কৃষকসকলৰ হৈ মাত মাতিব। কৃষকসকলে দিল্লীলৈ আন এটা পদযাত্রাৰ পৰিকল্পনা কৰাৰ বাতৰি সন্দৰ্ভত তেওঁ কয় 'দিল্লীলৈ অহাৰ আৰু প্ৰতিবাদ কৰাৰ সকলে অধিকাৰ তেওঁলোকৰ আছে আৰু যদি এখন প্রাইভেট মেম্বাৰ্ছবিলৰ প্রয়োজন হয় তেন্তে আমি সেইটোও কৰিম।' কৃষক নেতা জগজিৎ সিং ডাল্লেৱালে কয় যে আশ্বাসবোৰ পূৰ কৰাত চৰকাৰ ব্যর্থ হ'ল। স্বামীনাথনৰ প্রতিবেদন ৰূপায়ণ কৰিবই লাগিব। আমি দিল্লী অভিমুখে পদযাত্রা অব্যাহত ৰাখিম।
Share This