বতৰে বিধি পথালি দিব ভোটগ্ৰহণত,  অহা ৪ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

Kakali Deka May 06, 2024

ডিজিটেল ডেস্কঃ ৰাজ্যত লোক সভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত আৰু মাত্ৰ কেইটামান ঘন্টা বাকী। প্ৰথম দুটা পৰ্যায়ৰ ভোটগ্রহণ সুকলমে হৈ যোৱাৰ পাছত অন্তিম পৰ্যায়ত চাৰিটা সমষ্টিত হ'বলগীয়া ভোটগ্রহণত বতৰে বিধি-পথালি দিয়াৰ আশংকা ঘনীভূত হৈছে।

আগন্তুক চাৰিদিনলৈ ৰাজ্যৰ প্রান্তে প্রান্তে মুষলধাৰ বৰষুণ, শিল বৰষুণ আৰু ধুমুহা অহাৰ আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে প্রায় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলার্ট জাৰি কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত যোৱা নিশাৰ পৰা ধুমুহা আৰু মুষলধাৰ বৰষুণে স্বাভাৱিক জীৱনযাত্ৰা বাধাগ্রস্ত কৰিছে। ইয়াৰ মাজতে  বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ৩৩ খন জিলাতে এলার্ট জাৰি কৰিছে। ইয়াৰে ১৯খনকৈ জিলাত ইয়েল্ল' এলার্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৯৬ ঘণ্টালৈকে বতৰে কালৰূপ অব্যাহত ৰাখিব বুলি সতর্কবাণী জাৰি কৰিছে। ইফালে আগন্তুক দুদিন ধৰি ৰাজ্যত প্রবল ধুমুহা, শিলাবৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই সময়ছোৱাত ৰাজ্যৰ প্রান্তে প্রান্তে ঘণ্টাত ৫০-৬০ কিল'মিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

ৰাজ্যৰ দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাকসা, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাছাও, কাছাৰ আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান কেন্দ্রই ইয়েল্ল' এলার্ট জাৰি কৰিছে। সতর্কবাণী জাৰি কৰা জিলাসমূহত বৰষুণৰ লগতে ভয়ংকৰ গতিত ধুমুহা আহিব বুলিও সকীয়াই দিয়ে। উজনি অসমত ইতিমধ্যে ধাৰাবাহিকভাৱে বৰষুণ অব্যাহত আছে। কৰিমগঞ্জ, গোলাঘাট, পশ্চিম কাৰ্বি আংলং, বজালী, তামুলপুৰ, হোজাই, কার্বি আংলং, বিশ্বনাথ, লখিমপুৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ জিলাতো হাই এলার্ট জাৰি কৰা হৈছে।  ইফালে এইকেইদিনত ডিমা হাছাও জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জিলাখনত অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে বিগত সাতদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হাফলং আৰু শিলচৰৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ আছে। এনে পৰিস্থিতিত কাইলৈ অসমৰ চাৰিটা সমষ্ঠিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত বতৰে বিঘিনি ঘটোৱাটো নিশ্চিত হৈ পৰিছে।

Share This