মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্কঃ মুম্বাই মহানগৰৰ পৰিবহণ আৰু বিদ্যুৎ যোগান সংস্থাৰ এমপ্লয়িজ ইউনিয়নৰ নিৰ্বাচনত থাকৰে ভাতৃদ্বয় (ৰাজ আৰু উদ্ধৱ) যুটিয়ে ২১খন আসনৰ ভিতৰত এখনো আসন লাভ নকৰাৰ পাছতেই মহাৰাষ্ট্ৰত পুনৰ নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে।


মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে সকলোৰে উৎসুকতা বৃদ্ধি কৰি বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) মুৰব্বী ৰাজ থাকৰেই ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োজন নেতাই কি বিষয়ত বৰ্তালাপ কৰিলে, সেই বিষয়টো ৰহস্যৰ আৱতত আছে যদিও বি এম চিৰ নিৰ্বাচনৰ পূৰ্বে এই সাক্ষাতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ইংগিত দিছে। বুধবাৰে শিৱসেনা (উদ্ধৱ) আৰু এম এন এছে যুটীয়াভাৱে প্রতিদ্বন্দ্বিতা কৰি এমপ্লয়িজ ইউনিয়নৰ নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰাৰ পাছতেই তাৎপর্য বহন কৰিছে। 

উল্লেখযোগ্য যে যোৱা মাহত উদ্ধৱ থাকৰে আৰু তেওঁৰ ভাতৃ ৰাজ থাকৰেই এখন সমাৱেশত পুনৰ একলগ হোৱাৰ সংকল্প লৈছিল।

Share This