ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'

dainik janambhumi June 18, 2025

ডিজিটেল ডেস্কঃ মেঘালয় আৰক্ষীয়ে মঙলবাৰে ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাত অভিযুক্ত তেওঁৰ পত্নী সোনমকে ধৰি আটাইকেইজনকে 'ক্রাইম ছীন বিক্রিয়েশ্যন'ৰ বাবে চোহৰালৈ লৈ আনে। 

মেঘালয় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে অভিযুক্তকেইজনক ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা খাৱৈৰ ওপৰৰ পাৰ্কিঙৰ স্থানলৈ মঙলবাৰে লৈ অহা হয়। তদন্তৰ অংশ অনুসৰি, অভিযুক্তকেইজনৰ ভাষ্য মতে ৰাজাৰ অন্তিম মুহূৰ্তসমূহৰ দৃশ্য বর্ণনা কৰিবলৈ অভিযুক্তকেইজনক কোৱা হয়। তেওঁ কয় যে ফৰেনছিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত থাকে। সম্প্রতি অভিযুক্তকেইজন মেঘালয় আৰক্ষীৰ জিম্মাত আছে আৰু এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) ঘটনাটোৰ তদন্ত কৰি আছে। 

মেঘালয়ৰ আৰক্ষীৰ সঞ্চালক প্রধান আই নংপঙে কয় যে বিবাহৰ মাত্র কেইদিনমানৰ পাছতে সোনমে তেওঁৰ স্বামীৰ প্ৰতি বিদ্বেষৰ ভাব লোৱা কথাটো স্বাভাৱিক নহয়। 

ইফালে, ভুক্তভোগী ৰাজাৰ পৰিয়ালে দাবী কৰিছে যে সোনমে তন্ত্র মন্ত্র (ক'লা যাদু) ৰাজাৰ ওপৰত প্ৰয়োগ কৰিছিল আৰু সোনমৰ পিতৃৰ স্বাস্থ্য উন্নত কৰিবলৈ ৰাজাক 'নৰবলি' হিচাপে ব্যৱহাৰ কৰিছিল। ইফালে, ৰাজাৰ হত্যাকাণ্ডৰ পাছত মেঘালয় চৰকাৰে পৰ্যটকৰ বাবে ভাৰাত লোৱা বাহনৰ ব্যৱস্থা বাতিল কৰিছে।

Share This