ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু

Kakali Deka July 03, 2025

ডিজিটেল ডেস্কঃ ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। কামাখ্যা মন্দিৰত নৰবলি দিয়ে বুলি কৈছিল ৰাজা ৰঘুবংশীৰ ভগ্নী সৃষ্টি ৰঘুবংশীয়ে।

গুৱাহাটী আৰক্ষীয়ে ১৯৬ (২), ২৯৯, ৩০২ বি এন এছৰ অধীনত সৃষ্টিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ধৰ্মীয় আৱেগক আঘাত কৰা সম্পৰ্কীয় ধাৰাত গোচৰ ৰুজু কৰিছে সৃষ্টিৰ বিৰুদ্ধে।

কামাখ্যা মন্দিৰ সন্দৰ্ভত সৃষ্টি ৰঘুবংশীৰ মন্তব্যৰ পিছতে প্ৰতিবাদ হৈছিল চৌদিশে। সৃষ্টিৰ এই মন্তব্যত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অৱশ্যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰু সোনমৰ ঘৃণনীয় কাণ্ড পোহৰলৈ অহাৰ পাছত সৃষ্টিয়ে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছিল।

ইতিমধ্যে সৃষ্টি ৰঘুবংশীক তলব গুৱাহাটী মহানগৰ আৰক্ষীৰ।

উল্লেখ্য যে হনিমুনত মেঘালয়লৈ আহি হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ গোচৰৰ তদন্ত জোৰদাৰ গতিত চলি আছে। প্ৰতিদিনে আৰক্ষীৰ জেৰাত ওলায়েই আছে এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য। সকলোৱে বাট চাই আছে ৰাজা ৰঘুবংশীয়ে ন্যায় পোৱালৈ আৰু ৰাজাৰ পত্নী সোনম আৰু হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইজনেই কঠোৰতকৈ কঠোৰ শাস্তি পোৱা দিনটোলৈ।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This