সোনমৰ পৰিয়ালৰ নাৰ্কʼ টেষ্ট দাবী ৰাজাৰ পৰিয়ালৰ 

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্কঃ মধুযামিনীৰ (হনিমুন) সময়ত মেঘালয়ত হত্যাৰ বলি হোৱা ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃয়ে সোমবাৰে উক্ত হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ৰঘুবংশীৰ নৱবিবাহিতা পত্নী সোনমৰ পিতৃ-মাতৃত্ব, ভাতৃৰ নাৰ্ক' টেষ্টাৰ দাবী কৰে।

 উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ হত্যাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে পত্নী সোনম (২০) আৰু তেওঁৰ তথাকথিত প্ৰেমিক ৰাজ কুশৱাহা (২০)কে ধৰি ৫ জনক গ্ৰেপ্তাৰ কৰিছে। বর্তমান তেওঁলোক মেঘালয় আৰক্ষীৰ জিম্মাত আছে। 

সোমবাৰে ৰাজা ৰঘুবংশীৰ ত্ৰয়োদশ দিনৰ মৃত্যুৰ ধৰ্মীয় অনুষ্ঠানত ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশীয়ে কয়, 'আমি সোনম, তেওঁৰ পিতৃ-মাতৃ, ককায়েক গোৱিন্দ আৰু নবৌৱেকৰ নাৰ্ক' টেষ্ট বিচাৰোঁ। ৰাজা ৰঘুবংশীৰ হত্যাত ব্যৱহৃত অস্ত্র উদ্ধাৰ কৰা হৈছে। সূত্ৰসমূহে এই কথা কয়। 

সূত্রসমূহে লগতে কয় যে ব্যৱসায়ীজনক হত্যা কৰাৰ অভিযোগত অভিযুক্ত পাঁচজনৰ ভিতৰত বিশাল চৌহানে প্রথমে দাখনেৰে ৰাজাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজাক দাখনেৰে বাৰে বাৰে আক্ৰমণ কৰা হৈছিল আৰু ৰাজাই নিজকে বচাবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰসমূহে প্রকাশ কৰে।

 ইফালে কালি  ক্রাইম চীন ৰিক্রিয়েশ্যন কৰাৰ কথাৰ উমান পাই অভিযুক্তা সোনমে মানসিক ৰোগীৰ দৰে আচৰণ কৰিছিল। ইয়াৰ পাছত সোনম ৰঘুবংশীক শ্বিলঙৰ মেঘালয়ৰ মানসিক চিকিৎসালয় মিমহান্সত ভর্তি কৰোৱা হয়

Share This