ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ ৫জনৰ মৃত্যু ঘটিছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত।
এখন গাড়ী আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ বাবে এই কৰুণ ঘটনা ঘটে। গাড়ীখনত যাত্ৰা কৰা একেটা পৰিয়ালৰ ৫জন লোকৰ যন্ত্ৰণাদায়ক মৃত্যু হয়। নিহত আটাইকেইজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা।
মনোহৰপুৰ-দৌছা ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত পুৱা প্ৰায় ৮ -১৫ বজাত নেকাৱালা টোলৰ ওচৰত এখন ট্ৰেইলাৰ আৰু এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়, তাৰ পিছত সেই স্থানত হুলস্থূলৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে ৰাইছাৰ থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। ৰাইছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঘুবীৰ সিঙে জনোৱা মতে, অভাৰটেক কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
মৃত্যু হোৱা পৰিয়ালটোত ২জন পুৰুষ, ২গৰাকী মহিলা আৰু এটা ১২ মহীয়া শিশু আছে।
তেওঁলোকে ৰিংগাছৰ খাতুশ্যাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈ আছিল। নেকাৱালা টোলৰ সমীপত গাড়ীখনে সন্মুখৰ পৰা অহা ট্ৰেইলাৰৰ সৈতে খুন্দা মাৰে।
দুৰ্ঘটনাটোত গাড়ীৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে চূৰমাৰ হোৱা লগতে মৃতকৰ মৃতদেহ গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে গাড়ীখন উলিয়াই আনে। বৰ্তমান মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। একে সময়তে বিষয়টোৰ ওপৰত অধিক ব্যৱস্থাও আৰম্ভ কৰা হৈছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল