ডিজিটেল ডেস্ক : অধিনায়ক ৰিয়ান পৰাগৰ কৌশলী নেতৃত্বৰ বলত ৰাজস্থান ৰয়েলছে কালি ইয়াত অনুষ্ঠিত আই পি এলৰ এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক (এল এছ জি) ৪০ ৰানৰ ব্যৱধানত পৰাজিত কৰে। এইবাৰৰ আই পি এলত এয়া আছিল ৰাজস্থানৰ সাতখন মেচত পঞ্চম জয়। এল এছজিক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৬০ ৰানৰ। কিন্তু দলটোৱে ১৮ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰানহে গোটাবলৈ সক্ষম হয়। এল এছ জিৰ আৰম্ভণি বৰ ভাল নাছিল।
দলটোৱে মাত্র ১১ ৰানতে তিনিটা উইকেট হেৰুৱায়। আয়ুষ বাদানি, অধিনায়ক ঋষভ পন্ত আৰু এইডেন মাৰ্কৰমে এটাও ৰান নকৰাকৈ বিদায় লয়। অ'পেনাৰ মিচেল মার্শ্বে দলৰ বাবে যুঁজ দি যায় যদিও তেওঁ আন বেটাৰৰ পৰা সঁহাৰি নাপালে। মার্শ্বে ৪১টা বলত ৫৫ ৰান কৰে।
ইয়াৰ আগতে ৰাজস্থানে প্রথমে বেটিং কৰি ৬টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্র জাদেজাই সর্বাধিক ৪৩ ৰানত অপৰাজিত হৈ থাকে। যশস্বী জয়ছোৱাল আৰু ছিমৰন হেৎমায়াৰে ২২ ৰানকৈ আৰু অধিনায়ক ৰিয়ান পৰাগে ২০ ৰান কৰে।