ডিজিটেল ডেস্ক: ৰাজস্থান ৰয়েল্ছে কালি অনুষ্ঠিত আই পি এলৰ এখন উত্তেজনাপূর্ণ মেচত গুজৰাট টাইটানছক ৬ ৰানত পৰাজিত কৰে। ৰাজস্থানে এইবাৰৰ আই পি এৰৰ প্ৰথম দুখন মেচৰ দুয়োখনতে জয়ী হয়, আনহাতে গুজৰাট একেৰাহে দ্বিতীয়বাৰলৈ পৰাজয়ৰ সন্মুখীন হয়।
কালি ৰাজস্থানে প্রথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ২১০ ৰান কৰে। যশস্বী জয়ছোৱালে ৩৬টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৫৫ ৰান আৰু বৈভৱ সূর্যবংশীয়ে ১৮টা বলত ৫টা চাৰি আৰু ১টা ছয়েৰে ৩১ ৰান সংগ্ৰহ কৰে। দুয়ো প্রথম উইকেটত ৭০ ৰান সংগ্ৰহ কৰে। আনহাতে উইকেট কীপাৰ বেটাৰ ধ্ৰুৱ জুৰেলে ৪২টা বলত ৫টা চাৰি আৰু ৫টা ছয়েৰে ৭৫ ৰানৰ অৱদান আগবঢ়ায়। ছিমৰন হেটমায়াৰে মাত্র ৮টা বলত ১৮ ৰান সংগ্ৰহ কৰে।
প্ৰত্যুত্তৰত গুজৰাটে ৮টা উইকেট হেৰুৱাই ২০৪ ৰানহে গোটাবলৈ সক্ষম হয়। গুজৰাটৰ অপেনাৰ ছাই সুদৰ্শনে ৪৪টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে ৭৩ ৰান কৰে। যোছবাটলাৰে ১৪টা বলত ২৬ আৰু কুমাৰ কুশাগ্রই ১৪টা বলত ১৮ ৰান কৰে। দলটোৱে পাঁচ অ'ভাৰত ছটা উইকেট হেৰুৱাই পৰাজয়ৰ গৰাহত পৰে।
দলটোৱে এটা সময়ত ১০ অ'ভাৰত এটা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰি শক্তিশালী অৱস্থাত আছিল, কিন্তু একাদশ অ'ভাৰত ছাই সুদর্শনে ৭৩ ৰান কৰি বিদায় লয়। ইয়াৰ পাছত পঞ্চদশ অ'ভাৰত দলটোৰ স্ক'ৰ হয়গৈ সাত উইকেটত ১৬১ ৰান। ইয়াৰ পাছত ৰাছিদ খান আৰু কেগিছো ৰাবাডাই চাৰি অ'ভাৰত ৩৯ৰান সংগ্ৰহ কৰে। অন্তিম অ'ভাৰটোত গুজৰাটক প্রয়োজন হৈছিল ১১ ৰান, কিন্তু ৰাজস্থানৰ বলাৰ তুষাৰ দেশপাণ্ডেই মাত্ৰ চাৰি ৰান দিয়ে আৰু এটা উইকেট দখল কৰি গুজৰাটক পৰাজয়ৰ মুখ দেখুৱায়।