ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছে চলিত আই পি এলত সপ্তমটো পৰাজয়ৰ সন্মুখীন হৈছে। অষ্টাদশ সংস্কৰণৰ প্ৰতিযোগিতাখনত বৃহস্পতিবাৰে জুছ হেজলউদে আকর্ষণীয় বেগী বলিঙেৰে দখল কৰা চাৰিটা উইকেটৰ সহায়ত ৰাজস্থান ৰয়েলছক (আৰ আৰ) ১১ ৰানত পৰাজিত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে।
জয়ৰ বাবে ২০৬ ৰানৰ পিছ লোৱা ৰাজস্থানে ৯ উইকেটত ১৯৪ ৰানত থমকি ৰয়। ৰাজস্থানে তেনেদৰেই একেৰাহে পঞ্চমখন খেলত পৰাজয়ৰ মুখ দেখে। যশস্বী জয়ছোৱালে সর্বাধিক ৪৯ ৰান কৰাৰ বিপৰীতে ধ্ৰুৱ জুৰেলে ৩৪টা বলত ৩টাকৈ চাৰি আৰু ছয়েৰে ৪৭ ৰান কৰি যুঁজ দিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ভাৰপ্ৰাপ্ত অধিনায়ক বিয়ান পৰাগে ১০টা বলত ২২ আৰু নীতিশ ৰানাই ২৮ ৰান কৰে। ইয়াৰ আগেয়ে বিৰাট কোহলী (৭০) আৰু দেৱদত্ত পাৰিকালৰ (৫০) অর্ধ-শতৰানৰ সহায়ত প্রথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুরে ৫ উইকেটত ২০৫ ৰান কৰিছিল।
কোহলী আৰু পাৰিকালৰ মাজত দ্বিতীয় উইকেটত সংগৃহীত ৯৫ ৰানেৰে বেংগালুৰুৱে ২০০ ৰানৰ সীমা পাৰ কৰে। কোহলীয়ে ৪২টা বলত ৮টা চাৰি আৰু দুটা ছয়েৰে নিজৰ ৭০ ৰানৰ ইনিংছটো সজায়। আনহাতে, পাৰিকালৰ ২৭টা বলত ৫০ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ৪টা চাৰি আৰু তিনিটা ছয়ৰ। শেষৰ ফালে টিম ডেভিদে ২৩ আৰু জিতেশ শৰ্মাই ১০টা বলত ৪টা চাৰিৰে অপৰাজিত ২০ ৰান কৰে। অ'পেনাৰ ফিলিপ ছল্টে ২৬ আৰু অধিনায়ক ৰজত পাটিদাৰে ১ ৰান কৰি আউট হয়। ৰাজস্থান ৰয়েলছৰ সন্দীপ শৰ্মাই সর্বাধিক দুটা উইকেট দখল কৰে।