ডিজিটেল ডেস্ক: ৰাজস্থান ৰয়েলছে কালি অনুষ্ঠিত আই পি এলৰ এখন মেচত পঞ্জাব কিংছক ৬ উইকেটৰ ব্যৱধানত পৰাজিত কৰে। পঞ্জাব কিংছে এইবাৰৰ আই পি এলত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সোৱাদ লয়।
আনহাতে ৰাজস্থানৰ এয়া আছিল ষষ্ঠ জয়। ইয়াৰ জৰিয়তে ৰাজস্থান পইণ্টৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হয়। ৰাজস্থানে এতিয়ালৈকে ৯খন মেচৰ ছখনত জয়ী আৰু তিনিখনত পৰাজিত হৈ ১২ পইন্ট সংগ্ৰহ কৰিছে। আনহাতে পঞ্জাবে ৮খন মেচৰ পৰা ১৫ পইন্ট সংগ্রহ কৰি তালিকাত শীর্ষ স্থানত আছে। কালি প্রথমে বেটিং কৰি প্ৰভছিমৰন সিঙৰ ৫৯ আৰু মার্কাছ ষ্টই নিছৰ অপৰাজিত ৬২ ৰানৰ সহায়ত চাৰি উইকেট হেৰুৱাই ২২২ ৰান সংগ্ৰহ কৰে।
আনহাতে কুপাৰ কনলী আৰু অধিনায়ক শ্রেয়াস আয়াৰে ৩০ ৰানকৈ অৱদান আগবঢ়ায়। প্রিয়াংশ আর্যই ১১টা বলত ২৯ ৰান কৰে। ৰাজস্থানক জয়ৰ বাবে প্রয়োজন হয় ২২৩ ৰানৰ। দলটোৱে যশস্বী জয়ছোৱাল আৰু ডনভান ফেৰেইৰাৰ অপৰাজিত অর্ধশতৰানৰ সহায়ত ১৯.২ অ'ভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। যশস্বীয়ে ২৭টা বলত ৭টা চাৰি আৰু ১টা ছয়েৰে ৫১ ৰান কৰে।
আনহাতে ফেৰেইৰাই ২৬টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৫২ ৰানত অপৰাজিত হৈ থাকে। ১২টা বলত ৩১ ৰান কৰি অপৰাজিত হৈ থাকে শুভম ডুবে। ফেৰেইৰা আৰু শুভমে পঞ্চম উইকেটত ৩২টা বলত ৭৭ ৰান সংগ্ৰহ কৰি দলৰ জয় সহজ কৰি তোলে। বিস্ফোৰক অ'পেনাৰ বৈভৱ সূর্যবংশীয়ে ১৬টা বলত ৩টা চাৰি আৰু ৫টা ছয়েৰে ৪৩ ৰান কৰে। প্ৰথম উইকেটত বৈভৱ আৰু যশস্বীয়ে ২০টা বলত ৫১ৰান সংগ্ৰহ কৰে। আনহাতে অধিনায়ক ৰিয়ান পৰাগে ১৬টা বলত ২টা চাৰি আৰু ২টা ছয়েৰে ২৯ ৰানৰ অৱদান আগবঢ়ায়।