ডিজিটেল ডেস্ক : চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভল্টেজ মেচৰ আজি অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ বিৰুদ্ধে মুখামুখি হ'ব। চমকপ্রদ প্ৰদৰ্শনৰে জয়ৰ হেটত্রিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভণি কৰা ৰিয়ান পৰাগৰ দল আৰ আৰে আজি ডিফেণ্ডিং চেম্পিয়ন আৰ চি বিৰ বিৰুদ্ধেও আত্মবিশ্বাসেৰে এ চি এ ষ্টেডিয়ামত নামিব। আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান দলৰ নতুন লক্ষ্য গুৱাহাটীত লগতে ঘৰুৱা মেচত জয়ৰ হেটত্রিক কৰা।
ইফালে, আৰ আৰ আৰু আৰ চি বিৰ মেচক লৈ গুৱাহাটীৰ সমৰ্থকৰ উৎসাহ-উৎকণ্ঠা তীব্ৰ হৈ পৰিছে। বিস্ময় বালক বৈভৱ সূর্যবংশীৰ বেটিং তাণ্ডৱত মতলীয়া দৰ্শকৰ সন্মুখত কাইলৈ নিশা আৱিৰ্ভাৱ হ'ব বিশ্ব ক্রিকেটৰ সম্রাট বিৰাট কোহলী। গুৱাহাটীত ইতিপূর্বে শতকৰ হেটত্ৰিক কৰা ৰান মেচিন কোহলীয়ে প্রথমবাৰৰ বাবে এ চি এ ষ্টেডিয়ামত আই পি এল মেচ খেলিব। এয়া আৰ চি বি দলৰো গুৱাহাটীত আই পি এলৰ অভিষেক মেচ। অসম তথা উত্তৰ-পূবৰ আৰ চি বিৰ সমৰ্থকৰ বাবে আজি মেচখন এক দীর্ঘদিনীয়া অপেক্ষাৰ বাস্তৱ প্রাপ্তি। ইতিমধ্যে এই মেচৰ টিকট ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পার্টনাৰ ডিষ্ট্ৰিক্ট বাই জ'মাটো এপত দুদিন পূর্বে শেষ হৈছিল। কিন্তু শেহতীয়াকৈ অসমৰ কেইখনমান জিলাৰ পৰা একেবাৰে কমসংখ্যক টিকট গুৱাহাটীলৈ ঘূৰি অহাত কালিৰে পৰা সেয়া পুনৰ ক্ৰিকেটপ্রেমীৰ বাবে মুকলি কৰা হৈছে।
বাকী থকা এই টিকট ডিষ্ট্ৰিক্ট-জ'মাটো এপৰ লগতে জি এছ ৰ'ডৰ চিটী চেণ্টাৰ আৰু ছাউথ পইন্ট স্কুলৰ কাউণ্টাৰত পোৱা যাব। ইফালে, আজিৰ মেচখন উপভোগ কৰিবলৈ গুৱাহাটীলৈ আহিব কোহলী পত্নী বলিউড অভিনেত্রী অনুষ্কা শর্মা। অর্থাৎ খেলপথাৰত বৈভৱ-বিৰাটৰ বেটিং ৰোমাঞ্চৰ লগতে গেলেৰীত মোহময়ী অনুষ্কাৰ উপস্থিতিয়ে গোলাপী আলোকত ডুব যোৱা বৰ্ষাপাৰাৰ গ্লেমাৰ নিশাটো অধিক ৰঙীন কৰি তুলিব।