ডিজিটেল ডেস্ক : আই পি এলৰ শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত ২ ৰানৰ ব্যৱধানত পৰাজিত হয়। ৰাজস্থানক শনিবাৰে জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৮১ ৰানৰ। দলটোৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭৮ ৰানহে গোটায়। অ'পেনাৰ যশস্বী জয়ছোৱালে অধিনায়ক ৰিয়ান পৰাগৰ সৈতে মিলি দলক জয়ৰ দিশত আগবঢ়াই নিছিল যদিও, কিন্তু সপ্তদশ অ'ভাৰৰ প্ৰথম বলটোতে দলীয় স্ক'ৰ ১৫৬ হওঁতেই যশস্বীয়ে বিদায় লয়।
ইয়াৰ পাঁচটা বলৰ ব্যৱধানত অধিনায়ক ৰিয়ানেও বিদায় লয়। যশস্বীয়ে ৫২টা বলত ৭৪ আৰু ৰিয়ানে ২৬টা বলত ৩৯ ৰান কৰে। ৰাজস্থানক অন্তিম অ'ভাৰটোত জয়ৰ বাবে প্ৰয়োজন হৈছিল ৯ ৰানৰ। লক্ষ্ণৌৰ বলাৰ আভেশ খানে অ'ভাৰটোত ৯ ৰান বচোৱাৰ লগতে এটা উইকেটো দখল কৰি ৰাজস্থানৰ জয়ৰ আশাত চেঁচাপানী ঢালে। ৰাজস্থানে আজি ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক ইম্পেক্ট প্লেয়াৰ ৰূপে ইনিংছ মুকলি কৰিবলৈ পঠিয়ায়। তেওঁ আই পি এলৰ কেৰিয়াৰত সন্মুখীন হোৱা প্ৰথমটো বলতে ছয় মাৰে। বৈভবে ২০টা বলত ৩৪ ৰান কৰে।
উল্লেখযোগ্য যে নিয়মীয়া অধিনায়ক সঞ্জু ছেমছন আঘাতপ্রাপ্ত হোৱাত আজি ৰিয়ানে দলক নেতৃত্ব দিয়ে। ইয়াৰ আগতে প্রথমে বেটিং কৰি এডেন মাৰ্কৰম আৰু আয়ুষ বাডানীৰ অর্ধশতৰানৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২০ অ'ভাৰত ৫ উইকেট হেৰুৱাই ১৮০ ৰান কৰে। মাৰ্কৰমে ৪৫টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৬৬ ৰান কৰে। আনহাতে বাডানীয়ে ৩৪টা বলত ৫টা চাৰি আৰু ১টা ছয়েৰে ৫০ ৰান কৰে। আব্দুল ছামাদে১০টা বলত ৩০ ৰান কৰি অপৰাজিত হৈ থাকে। ছামাদে সন্দীপ শর্মাই দিয়া অন্তিম অ'ভাৰটোত ২৭ ৰান লয়। ৰাজস্থানে ৮খন মেচে মাত্র দুখনতহে জয়ী হৈছে আৰু ৪ পইন্টেৰে অষ্টম স্থানত আছে। দলটোৱে আনহাতে লক্ষ্ণৌৰে সমসংখ্যক মেচৰ ৫খনত জয়ী হৈ দহ পইন্টেৰে ৰান ৰেটৰ ব্যৱধানত চতুর্থ স্থানত আছে।