ডিজিটেল ডেস্ক: ঘৰুৱা সমৰ্থকৰ বাবে সদায়ে দায়বদ্ধ হৈ থকা ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ পাঁচগৰাকী ভাগ্যৱান অনুৰাগীক দলৰ খেলুৱৈৰ লগত পৰিচয় কৰাৰ এক অভিনৱ সুযোগ দিছে। সেই অনুসৰি আজি বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৯সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেচৰ টিকট ক্ৰয় কৰা দৰ্শকৰ মাজৰ পাঁচগৰাকী ভাগ্যৱান অনুৰাগীয়ে ৰিয়ান পৰাগ নেতৃত্বাধীন দলটোৰ খেলুৱৈসকলক লগ ধৰাৰ সুযোগ পাব।
ইফালে, আজিৰ মেচখন উপভোগ কৰাৰ বাবে সাধাৰণ টিকট ক্ৰয় কৰি ষ্টেডিয়ামলৈ অহা নির্বাচিত ৩০গৰাকী ভাগ্যৱান অনুৰাগীয়ে এ চি এ ষ্টেডিয়ামৰ বিশেষ গেলেৰীত বহি খেল উপভোগ কৰাৰ সুযোগ পাব।