ডিজিটেল ডেস্ক : মুম্বাই ইণ্ডিয়ানছৰ হাতত আই পি এলৰ আজিৰ খেলত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ৰাজস্থান ৰয়েলছ। চূড়ান্ত বেটিং ব্যৰ্থতাৰ সন্মুখীন হোৱা ৰাজস্থানে মুম্বাইৰ বিৰুদ্ধে ১০০ ৰানৰ বিশাল ব্যৱধানত পৰাজয়বৰণ কৰে। মুম্বাইৰ ২ উইকেটত ২১৭ ৰানৰ প্রত্যুত্তৰত ৰাজস্থানে ১৬.১ অ'ভাৰতে ১১৭ ৰানত কেউটা উইকেট হেৰুৱায়। দলৰ হৈ জুফ্রা আৰ্চাৰে সৰ্বাধিক ৩০ ৰান কৰে। অধিনায়ক ৰিয়ান পৰাগে ১৬, শুভম ডুবেই ১৫ আৰু অ'পেনাৰ যশস্বী জয়ছোৱালে ১৩ ৰান কৰে। ইয়াৰ আগৰ খেলত শতৰান কৰি ইতিহাস গড়া ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে কোনো ৰান নকৰাকৈ আউট হয়। ইয়াৰ আগেয়ে ধূলিৰ ধুমুহাই ষ্টেডিয়াম জোকাৰি গ'লেও খেল বন্ধ কৰা নাছিল আম্পায়াৰে।
ধূলিৰ ধুমুহা অন্ত পৰাৰ পাছত আৰম্ভ হয় মুম্বাই ইণ্ডিয়ানছৰ বেটাৰৰ বেটিং বিক্ৰম। 'অ'পেনাৰদ্বয় বিয়ান বিকেলটন (৬১) আৰু ৰোহিত শর্মাই (৫৩) এটাকৈ অর্ধ-শতৰান গোটাই ১১৬ ৰানৰ যুটি বান্ধে। দ্বাদশ অ'ভাৰত আউট হোৱাৰ আগেয়ে ৰিকেলটনে ৩৮টা বলত ৭টা চাৰি আৰু তিনিটা ছয়েৰে ৬১ ৰানৰ অৱদান যোগায়। ইয়াৰ পাছৰ অ'ভাৰত ৰোহিতে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগৰ বলত আউট হোৱাৰ পূৰ্বে ৩৬টা বল খেলি ৯টা চাৰিৰে নিজৰ ৫৩ ৰানৰ ই নিংছটো সজায়।
ৰিকেলটন আৰু ৰোহিত আউট হ'লেও মুম্বাইৰ ৰান তোলাৰ গতি হ্রাস হ'বলৈ দিয়া নাছিল সূর্য কুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াই। সূৰ্যকুমাৰে ২৩টা বলত ৪টা চাৰি আৰু তিনিটা ছয়েৰে ৪৮ আৰু অধিনায়ক হার্দিকে ২৩টা বলত ছটা চাৰি আৰু ১টা ছয়েৰে ৪৮ ৰানত বেট ধৰি থাকে। মুম্বায়ে মূৰকত দুটা উইকেট হেৰুৱাই ২১৭ ৰানৰ প্রত্যাহানমূলক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়।